বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন (ইতিহাস) | Lesson 1 (ইতিহাস) প্ৰশ্ন আৰু উত্তৰ

Madan Gaikwad
By -

 বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন (ইতিহাস) | Lesson 1 (ইতিহাস) প্ৰশ্ন আৰু উত্তৰ | Class 10 Social Science History । Question and Answer Assam | Class 10 Telegram Group Daily Assam সমাজ বিজ্ঞান /দশম শ্ৰেণী/ ইতিহাস (প্ৰথম অধ্যায়) বংগ বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন



প্রথম খণ্ড  ইতিহাস

[ PARTITION OF BENGAL ( 1905-1911 A.D. ) AND SWADESHI MOVEMENT ]

ADDITIONAL QUESTIONS ANSWER

Short Types Questions Answer

প্রশ্ন ১। চিপাহী বিদ্ৰোহৰ পাছত ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা কি আছল? 

উত্তৰঃ বংগ বিভাজন |

প্রশ্ন ২। সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্রাম কি?

উত্তৰঃ বংগ ভংগ বিৰোধী আন্দোলন।

প্রশ্ন ৩। এলাহাবাদ সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল?

উত্তৰঃ মোগল সম্রাট শাহ আলম আৰু ৰবাট ক্লাইবৰ মাজত।

প্রশ্ন ৪। ৰংগ বিভাজনৰ পিছত সৃষ্টি হোৱা নতুন ৰাজ্য দুখনৰ নাম কি কি?

উত্তৰঃ অসম আৰু বংগ প্ৰদেশ।

প্রশ্ন ৫। অসম নামৰ প্ৰদেশখনৰ কেতিয়া গঠন কৰা হৈছিল?

উত্তৰঃ ১৮৭৪ চনৰ ৭ ফেব্ৰুৱাৰীত।

প্রশ্ন ৬। কিমান চনত লৰ্ড কার্জনে পূৰ্ব বংগ আৰু অসম নামে এখন নতুন প্রদেশ গঠন কৰিছিল?

উত্তৰঃ ১৯০৫ চনৰ ২০ জুলাইত।

প্রশ্ন ৭। পূৰ্ববংগ আৰু অসমক লগ লগাই কোনে এখন নতুন জিলা গঠন কৰিছিল? 

উত্তৰঃ লর্ড কার্জনে।

প্রশ্ন ৮। ৰেগুলেটিং এক্টৰ জৰিয়তে কোন দুজন গৱৰ্ণৰক ফ’ৰ্ট উইলিয়াম গৱৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল?

উত্তৰঃ বোম্বাই আৰু মাদ্ৰাজৰ গৱৰ্ণৰক।

প্রশ্ন ৯। বংগ প্ৰেছিডেন্সিৰ গৱৰ্ণৰ পদটো কি পদলৈ উন্নীত কৰা হৈছিল? 

উত্তৰঃ গৱৰ্ণৰ জেনেৰেল পদলৈ।

প্রশ্ন ১০। ব্ৰিটিছে ভাৰতৰ প্ৰশাসন ব্যৱস্থাটোৰ সংস্কাৰ সাধনৰ বাবে কেতিয়া ব্যৱস্থা হাতত লৈছিল?

উত্তৰঃ ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছৰ পৰা ।

Multiple Choice Questions & Answers

1. বন্দিনী ভাৰত নামৰ নাটকখনৰ ৰচক— 

(a) অমৰ নাথ। 

(b) গিৰীশ কুমাৰ। 

(c) অমৃত প্রভা। 

(d) অম্বিকাগিৰি ৰায় চৌধুৰী। 

উত্তৰঃ (d) অম্বিকাগিৰি ৰায় চৌধুৰী।

2. ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কাৰ্যকৰী হৈছিল—

(a) ২৬ জানুৱাৰী। 

(b) ১৬ অক্টোবৰ। 

(c) ১৫ আগষ্ট।

(d) ১৪ মার্চ। 

উত্তৰঃ (b) ১৬ অক্টোবৰ।

3. ‘পূর্ব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ ৰাজধানী স্থাপন কৰা হৈছিল— 

(a) শ্বিলঙত। 

(b) পাকিস্তানত। 

(c) বংগদেশত। 

(d) ঢাকাত। 

উত্তৰঃ (d) ঢাকাত। 

4. কোনজন ভাইচৰয়ৰ শাসনকালত বংগ বিভাজন হৈছিল— 

(a) লর্ড মিন্টো।

(b) লর্ড হামিল্টন। 

(c) লর্ড নেথানিয়েল কার্জন। 

(d) লর্ড ৰিপণ। 

উত্তৰঃ (c) লর্ড নেথানিয়েল কার্জন। 

5. ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বুলি কোন ঠাইক অভিহিত কৰা হয়— 

(a) দিল্লীক।

(b) বাংলাদেশক।

(c) বংগদেশক। 

(d) ঢাকাক। 

উত্তৰঃ (c) বংগদেশক। 

6. ‘যুগান্তৰ’ নামৰ সংবাদ পত্ৰখন সম্পাদনা কৰিছিল — 

(a) অমৃতলাল। 

(b) ভূপেন্দ্রনাথ দত্ত। 

(c) অৰবিন্দ ঘোষ। 

(d) মহিৰাম বসু।  

উত্তৰঃ (b) ভূপেন্দ্রনাথ দত্ত। 

7. বংগদেশৰ একত্ৰীকৰণ হৈছিল —

(a) ১৯১০ খ্ৰীঃৰ ২২ ডিচেম্বৰত।

(b) ১৯১১ খ্রীঃৰ ১২ ডিচেম্বৰত।

(c) ১৯১২ খ্রীঃৰ ২ ডিচেম্বৰত।

(d) ১৯১৩ খ্রীঃৰ ২২ ডিচেম্বৰত।

উত্তৰঃ (b) ১৯১১ খ্রীঃৰ ১২ ডিচেম্বৰত।

8. বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল — 

(a) ১৯০২ চনৰ ৫ আগষ্ট। 

(b) ১৯০৩ চনৰ ২৬ আগষ্ট। 

(c) ১৯০৪ চনৰ ১৫ আগষ্ট। 

(d) ১৯০২ চনৰ ৫ মার্চ। 

উত্তৰঃ (d) ১৯০২ চনৰ ৫ মার্চ। 

9. ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ’ল —

(a) আচাৰ্য প্ৰফুল্ল ৰায়। 

(b) অমৃতলাল বসু। 

(c) গিৰীশ ঘোষ।

(d) খীৰোদ প্ৰসাদ। 

উত্তৰঃ (a) আচাৰ্য প্ৰফুল্ল ৰায়। 

10. ‘বংগলক্ষী কটন মিল’ নামৰ উদ্যোগটোৰ প্ৰধান উদ্যোক্তা হ’ল— 

(a) অম্বিকাগিৰী ৰায় চৌধুৰী। 

(b) নীলৰতন চৰকাৰ। 

(c) ভূপেন্দ্ৰ নাথ।

(d) লর্ড মিন্টো। 

উত্তৰঃ (b) নীলৰতন চৰকাৰ। 

11. অসম নামৰ প্ৰদেশখন গঠন হৈছিল—

(a) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

(b) ১৮৮৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

(c) ১৮৮৫ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

(d) ১৮৮৭ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

উত্তৰঃ (a) ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰীত।

12. ঢাকাক ৰাজধানী হিচাপে লৈ প্ৰস্তাৱিত “পূব বংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ জনসংখ্যা হ’ল—

(a) ৫ কোটি ১০ লাখ।

(b) ৪ কোটি ১০ লাখ।

(c) ৩ কোটি ১০ লাখ। 

(d) ৬ কোটি ১০ লাখ। 

উত্তৰঃ (c) ৩ কোটি ১০ লাখ।

13. ‘বন্দে মাতৰম’ সংবাদপত্ৰৰ সম্পাদক —

(a) সুৰেন্দ্ৰনাথ বন্দোপাধ্যায়।

(b) বংকিমচন্দ্র চট্টোপাধ্যায়।

(c) ৰবীন্দ্ৰনাথ ঠাকুৰ। 

(d) ঋষি অৰবিন্দ ঘোষ। 

উত্তৰঃ (d) ঋষি অৰবিন্দ ঘোষ। 

14. কাৰ নেতৃত্বত ছাত্র সংসদ’ গঠন হৈছিল— 

(a) ৰবীন্দ্ৰ নাথ ঠাকুৰ।

(b) অমৃত লাল বসু। 

(c) অমৰেন্দ্ৰ নাথ। 

(d) সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়।

উত্তৰঃ (d) সুৰেন্দ্ৰ নাথ বন্দোপাধ্যায়।

15. স্বদেশী আন্দোলনৰ সময়ত ৰচিত প্ৰমথনাথ ৰায় চৌধুৰীৰ গ্ৰন্থখন হ’ল—

(a) জয় সংগীত। 

(b) জাপানী বীচ।

(c) কেশৰী। 

(d) যুগান্তৰ। 

উত্তৰঃ (a) জয় সংগীত। 

16. স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ৰবীন্দ্ৰনাথ ঠাকুৰে ৰচনা কৰা গীত হ’ল—

(a) ৩৩ টা।

(b) ১৮ টা।

(c) ২৩ টা। 

(d) ২২ টা।

উত্তৰঃ (c) ২৩ টা। 

17. মুছলিম লীগ স্থাপনৰ নেতৃত্ব বহন কৰা ব্যক্তিগৰাকী হ’ল — 

(a) মহম্মদ আলি জিন্না।

(b) নবাব ছলিমউল্লা। 

(c) হেমপ্রভা মজুমদাৰ।

(d) নবাব ইকবাল। 

উত্তৰঃ (b) নবাব ছলিমউল্লা। 

18. “শাসন আৰু শোষণ একে লগে চলাই যোৱা হ’ব” – কথাষাৰ কোনে কৈছিল— 

(a) ৰবাৰ্টচনে।

(b) লর্ড কার্জনে। 

(c) লর্ড হেমিল্টনে। 

(d) ডেভিদ স্কটে।

উত্তৰঃ (b) লর্ড কার্জনে।

19. ১৯০৭ খ্ৰীষ্টাব্দৰ ২১ নৱেম্বৰত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ দ্বাবিংশতম অধিবেশনৰ সভাপতি আছিল—

(a) দাদাভাই নৌৰজী।

(b) চৌকত আলি। 

(c) গোপাল কৃষ্ণ গোখলে।

(d) লালা লাজপত ৰায়।  

উত্তৰঃ (a) দাদাভাই নৌৰজী।

20. ক্ষুদিৰাম বসুক ফাঁচি দিয়া হৈছিল—

(a) ১৯১১ চনত।

(b) ১৯১০ চনত।

(c) ১৯০৮ চনত। 

(d) ১৯০১ চনত। 

উত্তৰঃ (c) ১৯০৮ চনত। 

Shorts Answers



 ১। বংগবিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল ? 

উত্তৰঃ   বংগবিভাজন লর্ড কার্জন  ভাইচৰয়ৰ শাসনকালত সংঘটিত হৈছিল। 

২।  ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ  বিভাজন কার্যকৰী হৈছিল ? 

উত্তৰঃ ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ  বিভাজন কার্যকৰী হৈছিল ।

৩। বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ কোনখন সভাত গ্রহণ কৰা হৈছিল ? 

উত্তৰঃ ১১০৫ চনৰ ২০ জুলাইত দিনাজপুৰৰ মহাৰাজৰ পৌৰােহিত্যত অনুষ্ঠিত এক বিশাল জনসভাত বিদেশী পণ্য বর্জনৰ প্ৰস্তাৱ গ্রহণ কৰা হৈছিল ।

৪। স্বদেশী আন্দোলনৰ সময়ছােৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কোনে কৰিছিল ? 

উত্তৰঃ  স্বদেশী আন্দোলনৰ সময়ছােৱাত ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা  ভূপেন্দ্রনাথ দত্তই কৰিছিল। 

৫। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল ?

উত্তৰঃ বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ ’ নামৰ অনুষ্ঠানটো ১৯০৬ খ্রীষ্টাব্দৰ ১১ মার্চত গঠন কৰা হৈছিলল ।

৭। ‘বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা কোন আছিল ?

উত্তৰঃ বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰধান উদ্যোক্তা হ’ল-

 আচার্য প্রফুল্লৰায় । 

৮। কাৰ পৌৰােহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰতীয়ৰ বাবে স্বৰাজ’বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ?

উত্তৰঃ  দাদাভাই নৌৰজীৰ পৌৰােহিত্যত ১৯০৬ চনত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্রেছৰ বার্ষিক অধিৱেশনত স্বৰাজ’বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল ৷

৯। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল ?

উত্তৰঃ বংগদেশৰ একত্ৰিকৰণ  ১৯১১ খ্রীষ্টাব্দৰ ২ ডিচেম্বৰত হৈছিল ।

চমু উত্তৰৰ প্রশ্ন : 

১ । বংগ বিভাজনে সৃষ্টিকৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্ৰদেশখনৰ সৈতে সংলগ্ন হােৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগােলিক সংমণ্ডল উল্লেখ কৰা ।

উত্তৰঃ  বংগদেশত দ্রুতভাৱে উন্মেষ হােৱা জাতীয়তাবাদ ধ্বংস কৰিবলৈ আৰু ইয়াত বিৰাজ কৰাহিন্দু – মুছলমানৰ মাজৰ একতা বিনষ্ট কৰিবলৈ ভাইচৰয় লর্ড কার্জনৰ প্রতিনিধিত্বত ব্রিটিছ চৰকাৰে বংগদেশক দুখন প্ৰদেশত বিভক্ত কৰিবলৈ সিন্ধান্ত গ্রহণ কৰে । অসমৰ লগত বংগদেশৰ নিমােক্ত তিনিটা সংমণ্ডল সংলগ্ন কৰি ‘পূৰ্ববংগ আৰু অসম’ নামৰ নতুন প্রদেশখন গঠন কৰা হয়–

 ( ক ) ঢাকা ।

 ( খ ) চট্টগ্রাম ।

( গ ) ৰাজশাহী ।

 ২। বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা ।

উত্তৰঃ  ব্রিটিছ চৰকাৰে প্ৰশাসনীয় সুবিধা প্রাপ্তিয়েই বংগ বিভাজনৰ প্ৰধান উদ্দেশ্য বুলি ঘােষণা কৰিছিল যদিও ইয়াৰ অন্তর্নিহিত উদ্দেশ্য ভিন্ন আছিল । ব্রিটিছ চৰকাৰৰ দ্বাৰা বংগ বিভাজনৰ প্রধান উদ্দেশ্যসমূহ হল-

 (ক) বংগ প্রদেশত দ্রুতভাৱে উন্মেষ হােৱা জাতীয়তাবাদৰ ঢৌ প্রতিবােধ কৰা । বংগ প্রদেশক জাতীয়তাবাদৰ প্রাণকেন্দ্র হিচাপে বিবেচনা কৰা হৈছিল ।

(খ) ভাৰতত ব্রিটিছ সাম্রাজ্যৰ সুস্থিৰতাৰ ক্ষেত্ৰত ভাবুৰি অৱতাৰণা কৰিব পৰা হিন্দু – মুছলমানৰ মাজৰ একতা বিনষ্ট কৰা ।

(গ) বংগ প্রদেশক এনেদৰে ভাগ কৰা  যাতে নতুনকৈ বিভক্ত হােৱা প্ৰদেশৰ এখনত হিন্দুসকল সংখ্যালঘুত পৰিণত হয় আৰু আনখন প্ৰদেশত মুছলমানসকল সংখ্যালঘুত পৰিণত হয় । এই পদক্ষেপে দুয়ােটা গােটে সংঘবদ্ধভাৱে চৰকাৰৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হােৱাৰ সম্ভাৱনা নাইকিয়া কৰিব । 

(ঘ) মুছলমান নেতাসকলক সন্তুষ্ট কৰা আৰু জাতীয়তাবাদ বিকাশত অগ্রণী ভূমিকা লােৱা হিন্দু বঙালীসকলক দুর্বল কৰা ।

 ( ঙ ) কংগ্ৰেছ দলৰ ব্রিটিছ বিৰােধী চৰমপন্থীসকলক নিয়ন্ত্রণ কৰা । 

৩। বংগ বিভাজনবিৰােধী ‘আন্দোলনে স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা ।

উত্তৰঃ  ১৯০৩ খ্রীষ্টাব্দৰ ৬ ডিচেম্বৰত ব্রিটিছ কর্তৃপক্ষই বংগ বিভাজনৰ প্রস্তাৱ উত্থাপন কৰে । অতি সােনকালে সুৰেন্দ্রনাথ বেনার্জী , বিপিন চন্দ্র পাল , অৰবিন্দ ঘােষ , ৰবীন্দ্রনাথ ঠাকুৰ , ৰাসবিহাৰীবসু আদি নেতাসকলে বংগ প্ৰদেশত তীব্রভাৱে বংগ বিভাজনবিৰােধী আন্দোলন গঢ়ি তােলে ।

তেওঁলােকে অনুভৱ কৰিছিল যে প্রদেশখনত বিৰাজ কৰা হিন্দু – মুছলমানৰ একতা বিনষ্ট কৰিবলৈহে এই প্রয়াস কৰা হৈছিল । তেওঁলােকে তীব্র জনমত গঠনৰ উদ্দেশ্যে আৰু জনসচেতনতা সৃষ্টিৰ উদ্দেশ্যে স্বাক্ষৰ সংগ্রহৰ অভিযান আৰম্ভ কৰিছিল । তেওঁলােকে ভাৰত সচিবৰ ওচৰত ৭০,০০০ স্বাক্ষৰ থকা প্রতিবাদপত্র অৰ্পণ কৰিছিল যদিও ব্রিটিছ চৰকাৰ আঁকোৰগােজ হৈ থাকিল ।

জনসাধাৰণে ব্রিটিছ চৰকাৰৰ এই পৰিকল্পনাৰ বিৰুদ্ধে প্রবল প্রতিবাদীকাৰ্যসূচী আৰু বিক্ষোভ গঢ়ি তুলিছিল । ব্রিটিছ চৰকাৰৰ এই পদক্ষেপৰ বিৰুদ্ধে বংগদেশত তীব্র জনসংগ্ৰামৰ অৱতাৰণা হয় । জাতি – বর্ণ নির্বিশেষে সকলাে লােকে এই আন্দোলনত যােগদান কৰে ।

জাতীয় কংগ্ৰেছ নেতাসকলে এই নতুন গণ আন্দোলনৰ বৃহৎ সম্ভাৱনা উপলব্ধি কৰি ইয়াকজাতীয় আন্দোলনলৈ ৰূপান্তৰিতকৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে ।১৯০৫ চনৰ ডিচেম্বৰত বাৰাণসীত অনুষ্ঠিত অধিৱেশনত তেওঁলােকে বিভাজন বিষয়টোৰ উধ্বলৈ গতি কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰে।এই নতুন আন্দোলনক স্বদেশী আন্দোলন বুলি অভিহিতৰা হৈছিল ।

কিয়নাে ই বংগৰ সীমা অতিক্রম কৰিছিল আৰু সমগ্র দেশৰ মানুহে বিদেশী বস্তু বর্জন , স্বদেশী বস্তু গ্রহণ আৰু চৰকাৰ প্রদত্ত খিতাপ আৰু পদবী প্রত্যাহাৰৰ ধাৰণা আকোৱালি লৈছিল । এনেদৰে , ব্রিটিছৰ বিৰুদ্ধে হােৱা এই আন্দোলনৰ পৰ্যায়টোক স্বদেশী আন্দোলন’বুলি অভিহিত হৈছিল ।

৪। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙণিৰ বিষয়ে আলােচনা কৰা ।

উত্তৰঃ  স্বদেশী আন্দোলনৰ এটা বৃহৎঅৱদান এয়ে আছিল যে ই জাতীয় শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্টঅৰিহণা আগবঢ়াইছিল । এই আন্দোলনে ছাত্র সমাজৰ মনােযােগ আকর্ষণ কৰিছিল আৰু বহুতাে ছাত্রই স্বদেশী আন্দোলনত সক্রিয়ভাৱে অংশ গ্রহণ কৰিছিল ।

ইয়াৰ পৰিণতিত বংগ প্রদেশ চৰকাৰৰ মুখ্য সচিব আৰু ডব্লিউ কাৰ্লাইলে ১৯০৫ চনৰ ১০ অক্টোবৰত এক জাননীৰ জৰিয়তে চৰকাৰ বিৰােধী আন্দোলনত অংশ গ্রহণ নকৰিবলৈ ছাত্ৰসকলক সকীয়াই দিছিল।এই জাননীৰ বিৰুদ্ধে ছাত্ৰসকলে তীব্রভাৱে প্রতিবাদ সাব্যস্ত কৰিলে আৰু শ্রেণীকোঠা ত্যাগৰ কাৰ্যসূচী গ্রহণ কৰিলে ।

১৯০৫ চনৰ ৪ নৱেম্বৰত চৰকাৰৰ অন্যার্য জাননীৰ বিৰুদ্ধে ৰবীন্দ্রনাথ ঠাকুৰে কলিকতাৰ পটলডাঙা মল্লিবাৰীত ছাত্ৰসকলৰ এক বিশাল সমাৱেশ সংগঠিত কৰিলে আৰু ইয়াতেই চৰকাৰৰ নির্দেশনা অমান্য কৰিবলৈ ‘এন্টি – চার্কুলাৰ ছ’চাইটি ’ গঠন কৰিলে । বিপিন চন্দ্র পাল , ৰবীন্দ্রনাথ ঠাকুৰ , আব্দুল ৰছুল প্ৰমুখ্যে বিশিষ্ট নেতাসকলে ছাত্ৰসকলক চৰকাৰী বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰা আঁতৰি আহিবলৈ আহ্বান জনালে ।

সতীশ চন্দ্র মুখার্জীয়ে ডন ছ’চাইটি’নামৰ এটা জাতীয় অনুষ্ঠান গঢ় দিলে । এই ছ’চাইটিয়ে কার্জনৰ বিশ্ববিদ্যালয় আইন ( ১৯০৪ ) আৰু   কাৰ্লাইয়ৰ জাননী ( ১৯০৫ ) সন্দৰ্ভত অসন্তুষ্টি ব্যক্ত কৰিছিল । এই বিশিষ্ট নেতাসকলে জাতীয় উদ্দেশ্যৰ আধাৰত জাতীয় শিক্ষাৰ ধাৰণা উত্তৰণ কৰিছিল ।

১৯০৫ খ্রীষ্টাব্দত ৰবীন্দ্রনাথ ঠাকুৰে কলিকতা আৰু ৰংপুৰত ‘বংগ জাতীয় বিদ্যালয়’নামেৰে দুখন শিক্ষানুষ্ঠান প্রতিষ্ঠা কৰে । ৰবীন্দ্রনাথ ঠাকুৰক অনুসৰণ কৰি সমগ্ৰ বংগ প্রদেশত বহুতাে বিশিষ্ট ব্যক্তিয়ে বিভিন্ন বিদ্যালয় স্থাপন কৰে।ৰাসবিহাৰী বসুৰ নেতৃত্বত ১৯০৬ খ্রীষ্টাব্দতকলিকতাৰ টাউন হলত জাতীয় শিক্ষা পৰিষদ’গঠন হয় । ১৯০৬ খ্রীষ্টাব্দৰ ১৫ আগষ্টত বংগ জাতীয় মহাবিদ্যালয় স্থাপিত হয় ।

এনেদৰে স্বদেশী আন্দোলনৰ সময়ছেৱাত সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক বিদ্যালয় স্থাপন হয় । এই সময়ছােৱাতে বেংগল টেকনিকেল ইনষ্টিটিউট স্থাপন হয় যি পৰবৰ্তী পৰ্যায়ত যাদৱপুৰ বিশ্ববিদ্যালয়লৈ উন্নীত হয় । একেদৰে স্বদেশী আন্দোলনৰ অংশ হিচাপে দেশৰ বিভিন্ন অংশেত জাতীয় বিদ্যালয় স্থাপন হয় ।

ইয়াৰে কেইখনমান হৈছে বিহাৰ বিদ্যাপীঠ ( পাটনা ) , সমর্থ বিদ্যালয় ( মহাৰাষ্ট্র ) আৰু গুজৰাট বিদ্যালয় ( গুজৰাট ) । 

৫। স্বদেশী আন্দোলনৰ সময়ছােৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল ?

উত্তৰঃ  স্বদেশী আন্দোলনে আত্মশক্তি বিকাশৰ উদ্যম বৃদ্ধি কৰাৰ ফলত ভাৰতীয় উদ্যোগৰ বিকাশৰ পথ প্রশস্ত হৈছিল । বিদেশী বস্তু বর্জনৰ মানসিকতা গঢ়ি উঠাত মানুহে স্থানীয়ভাৱে নির্মিত বস্তুৰ প্রতি হাবিয়াহ কৰিলে । ইয়াৰ ফলত দেশৰ বিভিন্ন অংশত কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান আৰু বহুতাে ক্ষুদ্র উদ্যোগ গঢ়ি উঠিছিল ।

সূতা কটা কল , ক্ষুদ্ৰ আৰু মজলীয়া তাঁতশাল উদ্যোগ , সৰিয়হৰ তেল , চাবােন , চেনি , জুইশলা , বিস্কুট আদিৰ উদ্যোগ স্থাপন হয় । এই সময়ছােৱাতে জাতীয় বেংক আৰু জাতীয় বীমা প্রতিষ্ঠান স্থাপিত হৈছিল । এই সময়ছােৱাত প্রতিষ্ঠা হােৱা এটা প্রতিষ্ঠান আছিল ‘স্বদেশী ভাণ্ডাৰ’ যি পৰৱর্তী পর্যায়ত এক উল্লেখযােগ্য বস্ত্র প্রতিষ্ঠানত পৰিণত হৈছিল।

ইয়াক ৰবীন্দ্রনাথ ঠাকুৰেপ্ৰতিষ্ঠা কৰিছিল । যোগেশ চন্দ্র চৌধুৰী আৰু কৃষ্ণবিহাৰী সেনৰ যৌথ প্রচেষ্টাত কলিকতাৰ বউবজাৰত ‘ ইণ্ডিয়ান ষ্টোৰছ’ স্থাপিত হৈছিল । কলিকতাৰ কর্ণৱালিছ ষ্ট্রীটত সৰলা দেৱী চৌধুৰীয়ে লক্ষী ভাণ্ডাৰ স্থাপন কৰিছিল । এই সময়ছােৱাতে ‘ইউনাইটেড বেংগল ষ্টেৰছ’ স্থাপিত হৈছিল ।

১৯০৬ খ্রীষ্টাব্দৰ আগষ্ট মাহত নীলৰতন চৰকাৰে ‘বংগলক্ষী কটন মিল’ স্থাপন কৰিছিল । আনহাতে ১৯০৬ খ্রীষ্টাব্দৰ জুলাই মাহত আচার্য প্রফুল্ল ৰায়ে ‘ বেংগল কেমিকেলছ ’ নামৰ উদ্যোগটো স্থাপন কৰে । ১৯০৭ খ্রীষ্টাব্দত জামছেদপুৰত জামছেদজী টাটাৰ দ্বাৰা টাটা লৌহ শিল্প কাৰখানাৰ স্থাপন এই ক্ষেত্ৰত অন্য এক উল্লেখনীয় পদক্ষেপ ।

১৯০৫ খ্রীষ্টাব্দৰ ১৭ ডিচেম্বৰত আৰ চি দাসৰ পৌৰােহিত্যত পােন প্রথমবাৰৰ বাবে বাৰাণসীত ভাৰতীয় উদ্যোগ সন্মিলন অনুষ্ঠিত হয় । এই সন্মিলনে স্বদেশী উদ্যোগৰ সম্ভাৱনীয়তা সম্পর্কে ভাৰতীয় লােকসকলক সজাগ কৰিছিল । এনেদৰে , স্বদেশী আন্দোলনে দেশৰ ঔদ্যোগিক বিকাশক অনুপ্রাণিত কৰিছিল । 

৬। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলনবিৰােধী কার্যসূচী গ্রহণ কৰিছিল ? 

উত্তৰঃ স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশে ব্রিটিছ চৰকাৰে গ্ৰহণ কৰা আন্দোলনবিৰােধী কার্যসূচীসমূহ আছিল এনেধৰণৰ

 ( ক ) ব্রিটিছ চৰকাৰে জাতীয় কংগ্রেছৰ উদাৰপন্থী নেতাসকলক এই আশাতেই বিভিন্ন উপাধি , পদক আৰু পদ যাচিছিল যাতে তেওঁলােকে চৰকাৰৰ ক্রিয়াকলাপত সহযােগিতা কৰিব। উদাৰপন্থী কংগ্ৰেছ নেতাসকলক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ , ভাইচৰয় পৰিষদৰ সদস্য পদ , ব্রিটিছ সংসদ সদস্যপদ যচা হৈছিল।

সুৰেন্দ্ৰনাথ বেনাৰ্জী , গােপাল কৃষ্ণ গােখলে , বিপিন চন্দ্র পাল প্রমুখ্যে কংগ্ৰেছ নেতাসকলৰ স্থিতি দৃঢ় আছিল আৰু চৰকাৰে আগবঢ়োৱা প্রস্তাৱ প্রত্যাখ্যান কৰিছিল । 

( খ ) ব্রিটিছচৰকাৰে মুছলমান নেতাসকলক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিল যাতে তেওঁলােকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা ফালৰি কাটি আহে। কংগ্ৰেছৰ প্রতি বিৰােধ প্রদর্শন কৰাৰ উদ্দেশ্যে মুছলমানসকলৰ এটা ৰাজনৈতিক দল গঠন কৰিবলৈ তেওঁলােকক উৎসাহিত কৰিছিল । এই ক্ষেত্ৰত তেওঁলােক যথেষ্টসফল হয় 

৭। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা ।

উত্তৰঃ  ১৯০৫ খ্রীষ্টাব্দত আৰম্ভ হৈ ১৯১১ খ্রীষ্টাব্দলৈ অব্যাহত থকা স্বদেশী আন্দোলনক ভাৰতৰ স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এক গুৰুত্বপূর্ণ অধ্যায় হিচাপে বিবেচনা কৰা হয় । স্বদেশী আন্দোলনৰ তিনিটা ফলাফল তলত উল্লেখৰা হ’ল-

 ( ক ) জাতীয় সাহিত্যৰ বিকাশ :- এই সময়ছােৱাত জাতীয়তাবাদ আৰু দেশ ভক্তি  উদ্যম জাগ্রত কৰা বহুতাে আলােচনী , সংবাদপত্র , গ্রন্থ , নাটক , গীত আৰু প্রবন্ধ প্রকাশিত হৈছিল।এই বিলাকে জাতীয় আন্দোলনত যথেষ্ট প্রভাৱ বিস্তাৰ কৰিছিল ।

অবনীন্দ্রনাথ ঠাকুৰৰ উদ্যোগত বংগীয় কলা সংসদ ’ নামৰ জাতীয় অনুষ্ঠানটো স্থাপিত হৈছিল । এই অনুষ্ঠানটোৱে পাশ্চাত্য প্রভাবমুক্ত ভাৰতীয় চিত্রকলাৰ আধাৰ নিৰ্মাণৰ লক্ষ্য স্থিৰ কৰিছিল ।

 ( খ ) মহিলাৰ অংশগ্রহণ :- স্বদেশী আন্দোলনত মহিলাসকলক সামাজিক প্রতিবন্ধকতা অতিক্রম কৰি আন্দোলনত অংশগ্ৰহণ কৰিবলৈ অনুপ্রাণিত কৰা হৈছিল । এগৰাকী অগ্রণী নাৰী সৰলা দেৱী চৌধুৰীনীয়ে বীৰষ্টমী ব্রত , প্রতাপাদিত্য উৎসৱ, উদয়াদিত্য উৎসৱ, ব্যায়াম সমিতি আদি উৎসৱ – অনুষ্ঠান আয়ােজন কৰিছিল ।

তেওঁ যুৱক – যুৱতীসকলক লাঠীখেল আৰু কুস্তিৰ প্রশিক্ষণ দিয়াইছিল আৰু ‘ভাৰতী ‘ নামৰ এখন পত্রিকা সম্পাদনা কৰিছিল । এনেদৰে জাতীয় আন্দোলনত সক্রিয়ভাৱে অংশগ্রহণ কৰিবলৈ যুবশক্তিক প্রস্তুত কৰিছিল । অন্য এক অগ্রণী নাৰী ভাগিনী নিবেদিতাই বিভিন্ন সমিতিৰ সৈতে জড়িত হৈ যুৱক – যুৱতীক দেশীয় শিল্পৰ জৰিয়তে আত্মনির্ভশীল হ’বলৈ অনুপ্রাণিত কৰিছিল । 

( গ ) মুছলিম লীগৰ প্ৰতিষ্ঠা :- ব্রিটিছ চৰকাৰে ধৰ্ম , জাতি আদিৰ ভিত্তিত ভাৰতীয়সকলৰ মাজত বিভাজন আনিবলৈ প্ৰয়াস কৰিছিল যাতে তেওঁলােকৰ সাম্রাজ্যবাদ অক্ষুন্ন থাকে । লর্ড কার্জনৰ দ্বাৰা প্ৰভাৱান্বিত হৈ ভালেসংখ্যক মুছলমান নেতাই চৰকাৰৰ বংগ বিভাজনৰ পৰিকল্পনাক আদৰণি জনাইছিল ।

ব্রিটিছচৰকাৰৰ পৰা বিশেষ ৰাজনৈতিক অনুগ্রহ লাভ কৰাৰ পিছত মুছলমান সকলক ‘সৰ্বভাৰতীয় মুছলিম লীগ ‘ নামৰ ৰাজনৈতিক অনুষ্ঠানটো গঠন কৰিবলৈ অনুপ্রাণিত কৰা হৈছিল । এই মুছলিম লীগ পৰৱৰ্তী পৰ্যায়ত এক বৃহৎ শক্তিত পৰিণত হয় কিয়নাে ভাৰতীয় জাতীয় কংগ্ৰেছক দুর্বল কৰাত ই উল্লেখযােগ্য ভূমিকা পালন কৰিছিল । 

৮। স্বদেশী আন্দোলনৰ তিনিটা অৱদান উল্লেখ কৰা ।

উত্তৰঃ  স্বদেশী আন্দোলনৰ প্ৰধান অৱদান কেইটা হৈছে–

(ক) গণ আন্দোলন সম্পর্কে ৰাজনৈতিক শিক্ষা :- স্বদেশী আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ অৱদান এয়ে যে ইয়াৰ জৰিয়তে গণ আন্দোলনৰ শক্তি সম্পর্কে ভাৰতীয়সকল অৱগত হয় । তেওঁলােকে উপলব্ধি কৰিছিল যে যদিহে সংখ্যাগৰিষ্ঠ । জনসাধাৰণে এক উমৈহতীয়া উদ্দেশ্যে পূৰণৰ উদ্দেশ্য সংঘৱদ্ধভাৱে আন্দোলনত অংশগ্রহণ কৰে , তেন্তে এই গণ – আন্দোলন নিশ্চিতভাৱে সফল হ’ব । 

(খ) গণ আন্দোলনৰ প্ৰতি নাৰীসকল আকর্ষিত হয় :- স্বদেশী আন্দোলনে ভাৰতীয় নাৰীসকলক গণ – আন্দোলনৰ দিশত সবলীকৰণ কৰে । প্রফুল্ল চাকীক ফাঁচী দিয়া দিনটোত বংগদেশৰ প্ৰতিটো পৰিয়ালে উপবাস কৰিছিল ।

তদুপৰি ‘যুগান্তৰ ‘ পত্রিকা সম্পাদক ভূপেন্দ্রনাথ দত্তক পুলিচে কঠোৰ শাস্তি বিহাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মাতৃ ভুবনেশ্বৰী দেৱীয়ে সকলাে নাৰীক আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছিল । 

( গ ) স্বৰাজ দাবী উত্থাপনৰ বাবে জাগ্রত কৰে :- স্বদেশীআন্দোলনে ‘স্বৰাজ’ৰ প্রতি আসক্তি জাগ্রত কৰে । এই আন্দোলনৰ সময়ছােৱাত ভাৰতীয়সকলে পােন প্রথমবাৰৰ বাবে ব্রিটিছ চৰকাৰৰ পৰা স্বৰাজ বা স্বায়ত্ত শাসন দাবী কৰিছিল । দাদাভাই নৌৰজীৰ পৌৰােহিত্যত কলিকতাত অনুষ্ঠিত জাতীয় কংগ্রেছৰ অধিৱেশনত এই দাবী উত্থাপন কৰা হৈছিল ।

চমুটোকা লিখা 

(ক) কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ

 উত্তৰঃ (ক) কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰ :- ৰবীন্দ্রনাথ ঠাকুৰক আমাৰ দেশৰ বাবে বংগদেশে যচা এক অন্যতম সজ্জন হিচাপে বিবেচনা কৰা হয় । তেওঁ এগৰাকী বিখ্যাত গীতিকাৰ , নাট্যকাৰ , কবি , গল্প লেখক , চিত্ৰকৰ , শিক্ষাবিদ , দার্শনিকআৰু বিপ্লবী ব্যক্তি আছিল ।

১৯০৫ চনৰ ১৬ অক্টোবৰত বংগ বিভাজন কার্যধী হােৱা দিনটোত হিন্দু মুছলমানৰ ঐক্য প্রদর্শন কৰিবলৈ আৰু ইয়াক সবলতৰ কৰিবলৈ ৰবীন্দ্রনাথ ঠাকুৰৰ আহ্বানক্রমে কলিকতাৰ জনতাই ৰাখিবন্ধন উদযাপন কৰিছিল। এই সময়ছােৱাতে তেওঁ ৰচনা কৰা আৰু পৰিৱেশন কৰা ২৩ টি দেশভক্তিমূলক গীত দেশপ্রেমগত অনুভূতিৰ ভাণ্ডাৰ হিচাপে পৰিগণিত হৈছে ।

তেওঁৰ বিখ্যাত গীত , ‘আমাৰ সােনার বাংলা আমি তােমাকে ভালবাসি’পৰৱৰ্তী সময়ত বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হৈ পৰিছিল । তেওঁৰ ‘ভাই ভাই এক ঠাই’ শীর্ষক প্রবন্ধটি হৃদয়স্পর্শী আছিল আৰু ই স্বদেশী আন্দোলনত অংশগ্ৰহণৰ উদ্যম বৃদ্ধি কৰিছিল । তেওঁ স্থাপন কৰা ‘স্বদেশী ভাণ্ডাৰ’ কালক্রমত কলিকতাৰ এখন উল্লেখযােগ্য বস্ত্র প্রতিষ্ঠানত পৰিণত হয় ।

(খ) মার্গাৰেট এলিজাবেথ নবোল ( ভগিনী নিবেদিত )

(খ) মার্গাৰেট এলিজাবেথ নবোল ( ভগিনী নিবেদিতা ) :- ভগিনী নিবেদিতা হিচাপে জ্ঞাত মার্গাৰেট এলিজাবেথ নবোলক স্বদেশী আন্দোলনৰ সময়ছোৱাৰ এগৰাকী মহিয়সী জাতীয় নেত্রী হিচাপে গণ্য কৰা হয় । আয়াৰলেণ্ডত জন্ম গ্রহণ কৰা এইগৰাকী নাৰীয়ে ভাৰতবৰ্ষক গৃহভূমি হিচাপে আৰু হিন্দু ধর্ম নিজ ধর্ম হিচাপে প্ৰহণ কৰিছিল ।

তেওঁ অন্ত:কৰণেৰে গৃহভূমিক ভাল পাইছিল আৰু বংগদেশত জাতীয় চেতনাৰ উন্মেষণত যথেষ্ট অৱদান আগবঢ়াইছিল।কলিকতাত থকা অৱস্থাত তেওঁ ইয়ংমেন্ছ হিন্দু ইউনিয়ন , বিবেকানন্দ ছ’চাইটি ,ডন ছ’চাইটি আৰু অনুশীলন সমিতিৰ সৈতে জড়িত হৈছিল ।

তেওঁ নাৰী আৰু যুৱক-যুৱতীসকলক দেশীয় শিল্পৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ’বলৈ অনুপ্রাণিত কৰিছিল । তেওঁৰ সর্বোত্তম অৰিহণাটো এয়ে যে তেওঁ ‘বংগ মাতা’ক ‘ভাৰত মাতা’ৰ ৰূপ প্ৰদান কৰিছিল । এনে প্রেক্ষাপটত ভগিনী নিবেদিতা আমাৰ দেশৰ জাতীয় আন্দোলনৰ এগৰাকী চিৰস্মৰণীয় ব্যক্তি হিচাপে জ্ঞাত  হৈ ৰ’ব । 

(গ) নবাব ছলিমউল্লা 

(গ) নবাব ছলিমউল্লা :- নবাব ছলিমউল্লা খানক দেশৰ মুছলমানসকলৰ স্বাৰ্থ ৰক্ষাৰ উদ্দেশ্যে ১৯০৬ চনত প্রতিষ্ঠা হােৱা মুছলিম লীগৰ প্ৰতিষ্ঠাপক হিচাপে গণ্য কৰা হয় । তেওঁ ঢাকাৰ ওচৰৰ এক ক্ষুদ্ৰ ৰাজ্য ক্ষেত্ৰৰ নবাব আছিল । পশ্চিমবংগৰ সংখ্যাগৰিষ্ঠ হিন্দুসকলৰ বিৰুদ্ধে পূর্ব বংগৰ মুছলমানসকলক সংগঠিত কৰাৰ ক্ষেত্ৰত লর্ড কার্জনে তেওঁক সহায় কৰিছিল ।

যেতিয়া মুছলমান নেতাসকলে উপলব্ধি কৰিলে যে ব্রিটিছ কর্তৃপক্ষই মুছলমানসকলৰ এক স্বকীয় দল গঠন কৰাৰ ক্ষেত্ৰত তেওঁলােকক সহায় কৰিব বিচাৰে , তেতিয়া ছলিমউল্লাখান আৰু আগা খানৰ নেতৃত্বত মুছলমান নেতাসকলৰ এটা গােটে এই সুযােগ গ্রহণ কৰে ।

১৯০৬ চনৰ ৩০ ডিচেম্বৰত চলিমউল্লা খানে আহ্বান কৰা মুছলমান নেতাসকলৰ এখন সভাত সৰ্বভাৰতীয় মুছলিম লীগ ’ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম হয় । নবাব ছলিমউল্লাই এই নতুন ৰাজনৈতিক দলটোৰ লক্ষ্য আৰু উদ্দেশ্যসমূহ উক্ত সভাতেই ঘােষণা কৰিছিল ।

ভাৰতীয় সকলে স্বদেশী আন্দোলনৰ মাধ্যমেৰে প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰি থকা বাতাবৰণত মুছলমানসকলৰ হৈ নবাব চলিমউল্লাই ব্রিটিছসকলৰ প্রতি আনুগত্য প্রকাশ কৰাত ভাৰতীয় জাতীয় কংগ্ৰেছ দুর্বল হৈ পৰে । তেওঁৰ মৃত্যুৰ পিছত মুছলিম লীগৰ ৰক্ষণশীল চৰিত্ৰৰ বৃহৎ মাত্ৰাত পৰিৱৰ্তন সাধন হয় ।

 

Madan Gaikwad


বংগ-বিভাজন (১৯০৫-১৯১১) আৰু স্বদেশী আন্দোলন

অধ্য়ায় ১

১/  কিমান চনত আৰু কাৰৰ শাসনকালত ভাৰতৰ বংগ বিভাজন সংঘটিত হৈছিল

উত্তৰঃ ১৮৯৯-১৯০৫ চনত আৰু লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত ভাৰতৰ বংগ বিভাজন সংঘটিত হৈছিল


২/ কিমান খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰি বংগ প্ৰেছিডেন্সিৰ গৱৰ্ণৰ পদটো 'গৱৰ্ণৰ জেনেৰেল' পদলৈ উন্নীত কৰিছিল?

উত্তৰঃ ১৭৭৩ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱতন কৰি বংগ প্ৰেছিডেন্সিৰ গৱৰ্ণৰ পদটো 'গৱৰ্ণৰ জেনেৰেল' পদলৈ উন্নীত কৰিছিল


৩/ ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী - এই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ কিমান?

উত্তৰঃ ঢাকা, চট্টগ্ৰাম আৰু ৰাজশাহী - এই তিনিওটা সংমণ্ডলৰ সৰ্বমুঠ এলেকা আছিল ১,০৬,৫৪০ বৰ্গমাইল।  


৪/  বংগ-ভংগ কাক বোলে?

উত্তৰঃ বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰাৰ প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগ-ভংগ বুলি কোৱা হয়


৫/ বংগ ভংগৰ অন্তনিৰ্হিত উদ্দেশ্য কি আছিল?

উত্তৰঃ বংগভংগৰ অন্তনিৰ্হিত উদ্দেশ্য আছিল হিন্দু - মুছলমানৰ মাজত একতা ভাঙি দিয়া। উদ্দেশ্য় সিদ্ধিৰ বাবে প্ৰয়োজন হৈছিল সাম্প্ৰদায়িক মনোভাবৰ বিস্তাৰ ঘটোৱা


৬/ কিমান খ্ৰীষ্টাব্দত য়াণ্ডাবু সন্ধিৰ আৰম্ভ হৈছিল?

উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দত য়াণ্ডাবু সন্ধিৰ আৰম্ভ হৈছিল


৭/ বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি কিমান?

উত্তৰঃ বংগ প্ৰদেশৰ সৰ্বমুঠ মাটিকালি আছিল ২,৫৩,০০০ বৰ্গমাইল


৮/ বংগ প্ৰদেশৰ মুঠ জনসংখ্যা কিমান?

উত্তৰঃ বংগ প্ৰদেশৰ মুঠ জনসংখ্যা আছিল ৪ কোটি ৬০ লাখ


৯/ ৰৰ্বাট ক্লাইবৰ মাজত সম্পন্ন হোৱা এলাহাবাদৰ সন্ধিৰ কিমান চনত হৈছিল?

উত্তৰঃ ৰৰ্বাট ক্লাইবৰ মাজত হোৱা এলাহাবাদৰ সন্ধিৰ ১৭৬৫ চনত হৈছিল


১০/ 'অসম' নামৰ প্ৰদেশখন কিমান চনত গঠন কৰা হৈছিল

উত্তৰঃ 'অসম' নামৰ প্ৰদেশখন ১৮৭৪ খ্ৰীষ্টাব্দৰ ৭ ফেব্ৰুৱাৰী তাৰিখে গঠন  কৰা হৈছিল


১১/ 'পূব বংগ আৰু অসম' নামৰ প্ৰদেশখনৰ জনসংখ্যা কিমান?

উত্তৰঃ 'পূব বংগ আৰু অসম' নামৰ প্ৰদেশখনৰ জনসংখ্যা আছিল ৩ কোটি ১০ লাখ


১২/ পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰ বংগ প্ৰদেশখনৰ জনসংখ্যা কিমান?

উত্তৰঃ পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰ বংগ প্ৰদেশখনৰ জনসংখ্যা আছিল ৫ কোটি ৪০ লাখ


১৩/ কিমান চনত লৰ্ড কাৰ্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰিছিল?

উত্তৰঃ ১৯০৫ খ্ৰীষ্টাব্দৰ ২ ফেব্ৰুৱাৰিত লৰ্ড কাৰ্জনে বংগ ভংগৰ প্ৰস্তাৱটো অনুমোদনৰ কাৰণে লণ্ডনস্থিত ভাৰত সচিবলৈ প্ৰেৰণ কৰিছিল


১৪/ লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগ ভংগৰ চাৰিদফীয়া আঁচনিখন লিখা?

উত্তৰঃ বংগ ভংগ আঁচনিৰ প্ৰথম দফা -

(ক) ৰাজশাহী, ঢাকা আৰু চট্টগ্ৰাম সংমণ্ডলৰ সৈতে অসমসংলগ্ন নতুন প্ৰদেশখনৰ নাম 'পূব বংগ আৰু অসমহব

(খ) 'পূব বংগ আৰু অসম' প্ৰদেশৰ ৰাজধানী ঢাকা

(গ) 'পূব বংগ আৰু অসম' প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফ্ টেনেণ্ট গৱৰ্ণৰৰ হাতত অৰ্পণ কৰা হব

(ঘ) অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হব

দ্বিতীয় দফা -

(ক) পূৰ্ব বংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন হব

(খ) সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱাপৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এক্তিয়াৰভুক্ত হব

তৃতীয় দফা -

(ক) পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটনাগপুৰসহ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা হব

চতুৰ্থ দফা -

(ক) ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হব

১৫/ কিমান তাৰিখে বংগদেশৰ বিভাজনৰ বিৰুদ্ধাচৰণ কৰা উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৪ জুলাই, ১৯০৫ খ্ৰীষ্টাব্দত বংগদেশৰ বিভাজনৰ বিৰুদ্ধাচৰণ কৰা উদ্দেশ্যে প্ৰথমখন প্ৰতিবাদী সভা অনুষ্ঠিত হৈছিল


১৬/ কিমান চনত দিনাজপুৰত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিল?

উত্তৰঃ ২০ জুলাই ১৯০৫ চনত দিনাজপুৰত বিশাল সভা অনুষ্ঠিত হৈছিল


১৭/ জাতীয় শোক দিৱস কিমান তাৰিখে পালন কৰা হয়?

উত্তৰঃ জাতীয় শোক দিৱস ১৬ অক্টোবৰ তাৰিখে পালন কৰা হয়


১৮/ কিমান তাৰিখে কলিকতাত বংগ ভংগৰ হৰতাল পালন কৰা হয়?

উত্তৰঃ ১৬ অক্টোবৰৰ আবেলি সমগ্ৰ কলিকতাত বংগ ভংগৰ বিৰুদ্ধে হৰতাল পালন কৰা হয়


১৯/ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত হোৱা নাটকসমূহৰ নাম লিখা?

উত্তৰঃ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত হোৱা নাটকসমূহ হল - ক্ষীৰোদ প্ৰসাদৰ 'পলাশীৰ প্ৰায়শ্চিত্ত', গিৰীশ ঘোষৰ 'চিৰাউদ্দৌলা' আৰু 'মিৰ কাছিম', অমৃতলাল বসুৰ 'চাব্বাস বাঙালী', অমৰেন্দ্ৰ নাথ দত্তৰ 'বংগৰ অংগচ্ছেদ' ইত্যাদি


২০/ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্ৰন্থকেইখনৰ নাম কি কি?

উত্তৰঃ স্বদেশী আন্দোলনৰ পটভূমিত ৰচিত বিখ্যাত গ্ৰন্থকেইখনৰ নাম হল - স্বৰ্ণকুমাৰী দেবীৰ 'জাপানী বীৰ', প্ৰমথনাথ ৰায়চৌধুৰীৰ 'জয় সংগীত', কাৰ্তিকচন্দ্ৰ দাশগুপ্তৰ 'নব্য ভাৰত', ৰামেন্দ্ৰসুন্দৰ ত্ৰিবেদীৰ 'বংগলক্ষীৰ ব্ৰতকথা'


২১/ ৰবীন্দ্ৰনাথে ৰচনা কৰা বিখ্যাত প্ৰবন্ধটোৰ নাম কি?

উত্তৰঃ ৰবীন্দ্ৰনাথে ৰচনা কৰা বিখ্যাত প্ৰবন্ধটোৰ নাম আছিল 'ভাই ভাই এক ঠাই'


২২/ কিমান তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জ্ঞানগৰ্ভ বক্তৃতা দিছিল?

উত্তৰঃ ৫ আগষ্ট তাৰিখে ৰবীন্দ্ৰনাথ ঠাকুৰে কলিকতাৰ জাতীয় শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে জ্ঞানগৰ্ভ বক্তৃতা দিছিল

২৩/ ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় কিমান চনত  স্থাপন কৰা হৈছিল?

উত্তৰঃ ৮ নৱেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন কৰা হৈছিল


২৪/ ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত কিমান তাৰিখে 'জাতীয় শিক্ষা পৰিষদ' নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন কৰা হৈছিল?

উত্তৰঃ ৰাসবিহাৰী বসুৰ অধ্যক্ষতাত কলিকতাৰ টাউন হলত ১১ মাৰ্চ তাৰিখে  'জাতীয় শিক্ষা পৰিষদ' নামৰ জাতীয় শিক্ষাৰ শীৰ্ষ অনুষ্ঠানটো গঠন কৰা হৈছিল


২৫/ বংগ জাতীয় মহাবিদ্যালয় কিমান তাৰিখে স্থাপন কৰা হৈছিল?

উত্তৰঃ বংগ জাতীয় মহাবিদ্যালয় ১৫ আগষ্ট তাৰিখে স্থাপন কৰা হৈছিল


২৬/ স্বদেশী আন্দোলনৰ সৰ্বমুঠ কিমানখন মাধ্যমিক আৰু কিমানখন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছে?

উত্তৰঃ স্বদেশী আন্দোলনৰ  সৰ্বমুঠ ৬২ খন মাধ্যমিক আৰু ৩,০০০খন প্ৰাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছে


২৭/ আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা মহীয়সী নাৰীৰ গৰাকী নাম  কি?

উত্তৰঃ আয়াৰলেণ্ডত জন্মগ্ৰহণ কৰা সহায়সী নাৰীৰ গৰাকী নাম আছিল - মাৰ্গাৰেট এলিজাবেথ নবোল



২৮/ আচাৰ্য প্ৰফুল্ল ৰায়ে মুকলি কৰা উদ্যোগটোৰ নাম কি আছিল?

উত্তৰঃ আচাৰ্য প্ৰফুল্ল ৰায়ে বেংগল কেমিকেল্ছ নামৰ উদ্যোগ প্ৰতিষ্ঠানটো মুকলি কৰিছিল



২৯/ নৱগঠিত ৰাজনৈতিক অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য কি আছিল?

উত্তৰঃ নৱগঠিত ৰাজনৈতিক অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্য হব -

(ক) ব্ৰিটিছ চৰকাৰৰ প্ৰতি মুছলমান ৰাইজৰ মনত আনুগত্যৰ প্ৰসাৰ ঘটোৱা

(খ) ব্ৰিটিছ চৰকাৰক মুছলমান ৰাইজৰ ৰাজনৈতিক অধিকাৰ আৰু স্বাৰ্থৰ প্ৰতি সদা-সচেতন কৰি ৰখা

(গ) মুছলমান ৰাইজৰ মনৰ পৰা ভয়, সন্ত্ৰাস, বিদ্বেষ ভাবৰ অন্ত পেলায় সকলোৰে মাজত একতা গঢ়ি তোলা


৩০/ কিমান খ্ৰীষ্টাব্দত মুছলিম লীগৰ কাৰ্যালয় লক্ষ্নৌলৈ স্থানান্তৰিত কৰা হৈছিল?

উত্তৰঃ ১৯১০ খ্ৰীষ্টাব্দৰ মাৰ্চ মাহত মুছলিম লীগৰ কাৰ্যালয় লক্ষ্নৌলৈ স্থান্তৰিত কৰা হৈছিল

৩১/ কিমান খ্ৰীষ্টাব্দত ছলিমউল্লাৰ মৃত্যু হৈছিল?

উত্তৰঃ ১৯১৫ খ্ৰীষ্টাব্দত ছলিমউল্লাৰ মৃত্যু হৈছিল


৩২/ স্বদেশী আন্দোলনৰ অৱদানসমূহ উল্লেখ কৰা?

উত্তৰঃ স্বদেশী আন্দোলনৰ অৱদানসমূহ তলত উল্লেখ কৰা হল -

১/ স্বদেশী আন্দোলনে ভাৰতবাসীক গণ-আন্দোলন সম্পৰ্কে এটা ৰাজনৈতিক শিক্ষা দি যাবলৈ সক্ষম হৈছিল। দেশৰ বেছিভাগ মানুহেই আন্দোলনত সমৱেত হলে যে গণ-আন্দোলনত জয়যুক্ত হোৱাটো সুনিশঅচিত, সেই কথা ভাৰতীয়ই স্বদেশী আন্দোলনৰ যোগেদি আয়ত্ত কৰিব পাৰিছিল

২/ ভাৰতীয় জাতীয় কংগ্ৰেছে আৰম্ভণিৰে পৰা আবেদন-নিবেদনৰ মাজেৰে সহনশীল চিন্তাত বিশ্বাস ৰাখি ব্ৰিটিছ চৰকাৰৰ ওচৰত ভাৰতীয়ৰ উন্নতি আশা কৰিছিল। বংগ ভংগক কেন্দ্ৰ কৰি জাতীয় কংগ্ৰেছৰ চিন্তা-কৰ্মত পৰিৱৰ্তনৰ সূচনা হৈছিল। 

৩/ লৰ্ড কাৰ্জনে ভাইচৰয়ৰ আসনত বহিয়েই ঘোষণা কৰিছিল - শাসন আৰু শোষণ একেলগে চলাই ষোৱা হব। বংগবাসীয়ে সাম্ৰাজ্যবাদী শাসকৰ এই দম্ভোক্তিৰ উপযুক্ত উত্তৰ দিছিল বিদেশী পণ্য বৰ্জন, স্বদেশী পণ্য ব্যৱহাৰ আৰু স্বদেশী শিল্প গঢ়ি তোলাৰ বাবে গ্ৰহণ কৰা মানসিক দৃঢ়তা আৰু একাগ্ৰতাৰ যোগেদি। সেই কাৰণেই ভাৰতৰ অৰ্থনীতি আৰু শিল্প বিকাশৰ ইতিহাসত স্বদেশী আন্দোলনৰ অৱদান চিৰকাল জিলিকি থাকিব

৪/ স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতীয়ই ব্ৰিটিছ চৰকাৰৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযোগ লাভ কৰিছিল। স্বদেশী আন্দোলনৰ তীব্ৰ উত্তেজনাই জাতীয় কংগ্ৰেছক দাদাভাই নৌৰজীৰ পৌৰোহিত্যত অনুষ্ঠিত কলিকতা অধিৱেশনত পোনপ্ৰথমে ভাৰতীয়ৰ বাবে স্বৰাজ দাবী কৰি প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য কৰিছিল

৫/ স্বদেশী আন্দোলনৰ মাজেৰে ভাৰতবৰ্ষত সশস্ত্ৰ বিপ্লৱৰ সূচনা হৈছিল। আগ্নেয়াস্ত্ৰৰে বিপ্লৱৰ পথ অনুসৰণ কৰি দেশক স্বাধীন কৰাৰ প্ৰৱণতা এচাম আন্দোলনকাৰীৰ মাজত গঢ়ি উছিছিল


৩৩/ কিমান তাৰিখে বংগ ভংগ কাৰ্যকৰী কৰা হৈছিল?

উত্তৰঃ ১৯০৫ খ্ৰীষ্টাব্দত বংগ ভংগ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশ কৰি ১৯০৫ খ্ৰীষ্টাব্দৰ ১৬ অক্টোবৰ তাৰিখে বংগ ভংগ কাৰ্যকৰী কৰা হৈছিল