মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম (ইতিহাস) | অধ্যায়- 2 । প্ৰশ্ন আৰু উত্তৰ । Class 10 Social Science History | Lesson 2 | Question and Answer

Madan Gaikwad
By -

 মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম (ইতিহাস) | অধ্যায়- 2 প্ৰশ্ন আৰু উত্তৰ । Class 10 Social Science History | Lesson 2 | Question and Answer |

 


অধ্যায়- 2

দশম শ্ৰেণী/ সমাজ বিজ্ঞান

ইতিহাস (দ্বিতীয় অধ্যায়)

মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

 

 

অতি চমু উত্তৰৰ প্ৰশ্নঃ

 

১) মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল ?

উত্তৰঃ ১৮৬৯ চনৰ ২ অক্টোৱৰত ǀ

 

২) সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্ৰয়োগ কৰিছিল ?

উত্তৰঃ দক্ষিণ আফ্ৰিকাত


৩) ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় 'নাইট' উপাধি ত্যাগ কৰিছিল ?

উত্তৰঃ জালিৱানৱালা বাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীনদ্ৰনাথ ঠাকুৰে 'নাঠট' উপাধি ত্য়াগ কৰিছিল


৪) কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল ?

উত্তৰঃ মৌলানা চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত

 

৫) চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল ?

উত্তৰঃ ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত

 

৬) কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?

উত্তৰঃ লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা ছাইমন বিৰোধী সমদলৰ ওপৰত পুলিছে নিৰ্দয় ভাৱে লাঠি চালনা কৰে, 'ত লাজপত ৰায় বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই তেওঁ মৃত্যু বৰণ কৰে


৭) কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশন ত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল ?

উত্তৰঃ ১৯২৯ চনৰ লাহোৰত বহা কংগ্ৰেছৰ অধিৱেশনত

 

৮)গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডীৰ সাগৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান ?

উত্তৰঃ ৩৮৫ কিলোমিটাৰ দূৰত্ব। 

 

৯) সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?

উত্তৰঃ খান আব্দুল গফৰ খান


১০) লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্রেছক এককভাৱে প্ৰতিনিধিত্ব কৰিছিল ?

উত্তৰঃ মহাত্মা গান্ধীয়ে

 

১১) ১৯৩২ চনত সাম্প্ৰদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল ?

উত্তৰঃ ৰামজে মেকডোনাল্ড


১২) কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে “কৰিম কিম্বা মৰিম” শ্লোগান দিছিল ?

উত্তৰঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত


১৩) আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন ?

উত্তৰঃ ৰাসবিহাৰী বসু ।( পোন প্ৰথমে ধাৰণাটো পোষণ কৰিছিল কেপ্টইন মোহন সিঙে)

 



১৪) 'মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম' এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল ?

উত্তৰঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ


১৫) ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায় ?

উত্তৰঃ ৰেডক্লিফ ৰেখা

 


দীঘল উত্তৰৰ প্ৰশ্নঃ

 

১) সত্যাগ্ৰহ বুলিলে কি বুজা ? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা ǀ

 

উত্তৰঃ সত্যাগ্ৰহ হল এক আধ্যাত্মিক আন্দোলন,এক বিশুদ্ধিকৰণ আৰু প্ৰায়শ্চত কৰণ প্ৰক্ৰিয়া ǀ ১৯১৭-১৮ চনত উত্তৰ বিহাৰৰ চম্পাৰণ, গুজৰাটৰ খেড়া আৰু আহমেদাবাদত সংঘটিত তিনিটা ঘটনাৰ সমাধানৰ ক্ষেত্ৰত সত্যাগ্ৰহক ব্যৱহাৰ কৰিছিল আৰু তাত দেখুওৱা দক্ষতাৰ বাবে পৰবৰ্তী সময়ত তেওঁ এজন প্ৰভাৱশালী ৰাজলৈতিক নেতা হিচাপে স্বীকৃতি লাভ কৰিছিল ǀ যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্য়াগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে বিষয়ে তলত উল্লেখ কৰা হ'ল--

    ক) চম্পাৰণ (উত্তৰ বিহাৰ) বিবাদঃ  চম্পাৰণত তেওঁ ভূ-স্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল ǀ

    খ) খেড়া (গুজৰাট) বিবাদঃ খেড়াত, কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো চৰকাৰে আৰোপ কৰা অত্যাধিক কৰাৰ বিপক্ষে মাত মাতিছিল ǀ

    গ) আহমেদাবাদৱ (গুজৰাট) বিবাদঃ আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে মাত মাতিছিলǀ

            উল্লেখযোগ্য যে উক্ত প্ৰতিটো কাৰ্যসূচীতে তেওঁ ‘সত্যাগ্ৰহ’ক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল য’ত আদৰ্শ আছিল সত্য আৰু অহিংসা ǀ

 

২) ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল ?

উত্তৰঃ ২৮ জুন ১৯১৪ চনত প্ৰথম বিশ্বযুদ্ধৰ সূচনা হৈছিল ǀএই যুদ্ধত বিশ্বৰ দেশসমূহ দুটা ফৈদত বিভক্ত হৈ এই যুদ্ধত অংশ গ্ৰহণ কৰিছিল ǀ তাৰে এটা পক্ষত  আছিল মিত্ৰ শক্তি যত অংশগ্ৰহণকাৰী দেশবোৰ আছিল- ব্ৰিটেইন,ফ্ৰান্স,ৰুচিয়া,জাপান আৰু আনটো পক্ষ আছিল কেন্দ্ৰীয় শক্তি- জাৰ্মানী,অষ্ট্ৰীয়া,হাংগেৰী,ইটালী,বুলগেৰিয়া আৰু অট্টোমান সাম্ৰাজ্য ǀঅট্টোমান সম্ৰাজ্য হল তুৰ্কী সকলে নেতৃত্ব দিয়া কিছুমান ইছলামিক ৰাষ্ট্ৰৰ (ইৰাক,ইজিপ্ত,লেবেনান,পেলেষ্টাইন ইত্যাদি) গোট ǀ১২৯৯ খ্ৰীষ্টাব্দত আৰম্ভ হোৱা এই সাম্ৰাজ্য ১৪শ, ১৫শ আৰু ১৬শ শতিকাত প্ৰৱল প্ৰতাপী হৈ উঠিছিল ǀ অট্টমান সাম্ৰাজ্যৰ অধীনত ইছলাম ধৰ্মাম্বলী লোকৰ কেইবাখনো প্ৰবিত্ৰ স্হান অন্তভুক্ত হৈ আছিল ǀখালিফে ইয়াৰ নেতৃত্ব বহন কৰিছিল ǀ প্ৰথম বিশ্বযুদ্ধত কেন্দ্ৰীয় শক্তি পৰাজিত হোৱাৰ পিছত মিত্ৰ শক্তিৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰিবলগীয়া হয় ǀশান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পাছত মিত্ৰ শক্তিৰ অধীনত থকা অট্টোমান সাম্ৰাজ্যৰ ৰাষ্ট্ৰবোৰ ভাগ ভাগ হৈ পৰে আৰু ইছলাম ধৰ্মৰ নেতা খালিফ ৰ স্হিতি ক্ৰমাৎ দুৰ্বল হৈ পৰে ǀ সেই সময়ত গোটেই বিশ্বৰ মুছলমানসকলে নিজৰ পবিত্ৰ স্হানসমূহৰ নিৰাপত্তা আশা কৰি খিলাফৎ আন্দোলন গঢ়ি তুলিছিল ǀ মৌলানা মহম্মদ আলি আৰু মৌলানা চৌকত আলিয়ে ১৯১৯ চনত ‘সদৌ ভাৰত মুছলিম সমাবৰ্তন আহ্বান’ কৰি ভাৰতবৰ্ষৰ ইছলাম ধৰ্মৰ লোকসকলক এই আন্দোলনত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰে ǀ পৰবৰ্তী সময়ত মহাত্মা গান্ধীকে ধৰি দেশৰ ইছলাম ধৰ্মাম্বলী লোকে এই আন্দোলনলৈ সমৰ্থন আগবঢ়ায় ǀ

 

৩) ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ? ইয়াৰ কাৰ্যসূচী কি আছিল ? গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল ?

উত্তৰঃ ‘অসহযোগ আন্দোলন’ আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সংঘটিত হোৱা প্ৰথম সৰ্ববৃহৎ আন্দোলন যত দেশৰ বেছিভাগ প্ৰান্তৰ লোকে স্বতঃস্ফুত ভাৱে অংশগ্ৰহণ কৰিছিল   ǀ অসহযোগ আন্দোলনত ইন্ধন যোগোৱা প্ৰদান কাৰক সমূহ আছিল –

    1) প্ৰথম বিশ্বযুদ্ধত ভাৰতীয় সকলৰ অসন্তুষ্টি

    2) ৰাওলট আইনৰ দমনমূলক নীতি

    3) ১৯১৯ চনৰ জালিয়ানাৱালাবাগৰ হত্যাকাণ্ড

    4) ব্ৰিটিছৰ দ্বাৰা ভাৰতৰ অৰ্থনৈতিক শোষণ

    5) খিলাফৎ আন্দোলনৰ প্ৰতি সমৰ্থন

                         উক্ত ঘটনাৱলীৰ পৰিপেক্ষিতত ১৯২০ চনৰ ১ আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ হয়


ইয়াৰ বিভিন্ন কাৰ্যসূচীসমূহ আছিল-

    1) বিদেশী বয়বস্তু, বস্ত্ৰ,সুৰা আদি বৰ্জন কৰা
    2) ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিদ্যালয় মহাবিদ্যালয় ত্যাগ
    3) দেশৰ বিভিন্ন প্ৰান্তত জাতীয় শিক্ষানুষ্ঠানৰ গঠন
    4) দেশৰ স্বাৰ্থত কাছাৰী ত্যাগ কৰা উকীলসকলৰ পৰিয়ালৰ ভৰণপোষণৰ ব্যৱহাৰ কৰা-
    5) স্বেচ্ছাসেৱকক সদস্যভৰ্তি কৰোৱা
    6) দেশত যঁতৰ প্ৰস্তুত কৰা
    7) জনগণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীৰ দ্বাৰা সমগ্ৰ দেশ ভ্ৰমণ কাৰ্যসূচী
    8) আন্দোলনটোৰ খৰচ বহন কৰিব পৰাকৈ আৰ্থিক গোট গঠন কৰা ǀ

            সমগ্ৰ দেশতে অসহযোগ আন্দোলনে ব্যাপক সহাৰি লাভ কৰাৰ সময়তে ১৯২২ চনৰ ৫ ফ্ৰেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰিচৌৰাত স্হানীয় পুলিছ আৰু প্ৰতিবাদকাৰীৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয় ǀ এই ঘটনাত তিনিজন প্ৰতিবাদকাৰী পুলিছৰ গুলীত নিহত হোৱাত উন্মত জনতাই পুলিচ থানাত অগ্নিসংযোগ কৰি ২২জন পুলিছক হত্যা কৰে ǀ এই ঘটনাত মৰ্মাহত হৈ গান্ধীজীয়ে অসহযোগ আন্দোলন বন্ধ ৰখাৰ সিদ্ধান্ত লয় ǀ অৱশেষত ১৯২২ চনৰ ২২ ফ্ৰেব্ৰুৱাৰীত অসহযোগ আন্দোলন আনুষ্ঠানিকভাৱে অন্ত পৰে ǀ

 

৪) আইন অমান্য অন্দোলনৰ মূল লক্ষ্য কি আছিল ? এই আন্দোলনৰ মূল বৈশিষ্ট্য কি আছিল ?

উত্তৰঃ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত চাইমন কমিছমৰ বিৰোধিতাৰে আইন অমান্য আন্দোলনৰ আৰম্ভণি হৈছিল ǀ এই কমিছমখনত ভাৰতীয়লোকৰ কোনো প্ৰতিনিধিত্ব নথকাৰে বাবে ১৯২৭ চনত গঠিত এই আইনখনক ভাৰতবাসীয়ে শ্বেতকায়সকলৰ কমিছন বুলি অভিহিত কৰিছিল ǀ ১৯২৮ চনত কলিকতাত বহা কংগ্ৰেছৰ অধিৱেশনখনত ব্ৰিটিছ চৰকাৰক সকীয়াই দিয়া হৈছিল যে- ভাৰতত ডমিনিয়নৰ ব্যৱহাৰ নকৰিলে , দেশজুৰি আইন অমান্য আন্দোলন গঢ়ি তোলা হব ǀ ১৯৩১ চনত ব্ৰিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইচৰয় লৰ্ড আৰউইনলৈ  কেইবাটাও দাবী সম্বলিত এখন চৰম পত্ৰ প্ৰেৰণ কৰা হয়-

    1. মাদক দ্রব্যৰ প্ৰচলন বন্ধ কৰা
    2. টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি কৰা
    3. মাটিৰ খাজনাৰ পৰিমাণ কম কৰা
    4. লোণ কৰ বন্ধ কৰা
    5. সৈন্য বাহিনীৰ ব্যয় কমোৱা
    6. প্রশাসনীয় ব্যয় সংকোচন কৰা
    7. বিদেশী কাপোৰত সীমা শুল্ক আৰোপ কৰা
    8. ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা
    9. অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি কৰা
    10. সকলো ৰাজনৈতিক বন্ধীক মুক্তি দিয়া
    11. আত্ম ৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্রশস্ত্ৰ ৰখাৰ বৈধতা প্রদান কৰা
 

                      পত্ৰত উল্লেখ কৰা এই ১১ টা দাবীকে আন্দোলনৰ লক্ষ্য চিহ্নিত কৰিব পাৰি ǀ

এই আন্দোলনৰ বৈশিষ্ট্য সমূহ হৈছে –

    1) আন্দোলনৰ সমান্তৰালভাৱে গান্ধীজীয়ে লোণ সত্যাগ্ৰহ (দাণ্ডী যাত্ৰা) আৰম্ভ কৰিছিল ǀ ১৯৩০ চনৰ ২২ মাৰ্চত গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সবৰমতী আশ্ৰমৰপৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ ঠাই টুকুৰালৈ যাত্ৰা আৰম্ভ কৰিছিল ǀ উক্ত ঠাইত উপস্হিত হৈ গান্ধীজীয়ে নিজে লোণ প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰত্যাহ্বান সৃষ্টি কৰিছিল ǀ পিছলৈ সমগ্ৰ দেশৰ অন্য প্ৰান্তটো লোণ আইনক প্ৰত্যাহ্বান জনোৱা হৈছিল ǀ

    2) উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফৰ খান ৰ নেতৃত্বত ‘ৰেড চাৰ্টছ’ হিচাপে জনপ্ৰিয় ‘খুদাই খিদমদগাৰ’ সকলে আন্দোলনটো চলাই নিছিল ǀ

    3) আন্দোলনৰ বাবে কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেল ত অংশ গ্ৰহণ কৰা নাছিল ǀ 


৫) কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্রামত আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমর্থনত যুক্তি দিয়া ।  


উত্তৰঃ ১৯৩৯ চনৰ ছেপ্তেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল ǀ গান্ধী আৰু নেহেৰু দুয়োজনেই হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰোধী আছিল ǀ কিন্তু ভাৰতৰ ক্ষেত্ৰত ‘সম্পূৰ্ণ স্বাধীনতাৰ’ প্ৰস্তাৱ  গ্ৰহণ কৰিলে ব্ৰিটিছ বাহিনীক বিশ্বযুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ǀ কিন্তু ব্ৰিটিছে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰে ǀ প্ৰতিবাদস্বৰূপে কংগ্ৰেছৰ মন্ত্ৰীসকলে ১৯৩৯ চনত মন্ত্ৰিত্ব ত্যাগ কৰে ǀ

            ১৯৪২ চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টফাৰ্ড ক্ৰিপছক ভাৰতলৈ প্ৰেৰণ কৰে ǀ উদ্দেশ্য আছিল – ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সৈতে আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত সহায় আৰু সমৰ্থন গোটোৱা ǀক্ৰিপছ মিছনৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ন ব্যৱস্থা কৰা ,লগতে এখন সংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ অধিকাৰ প্ৰদান কৰা হব বুলি ঘোষণা কৰা হৈছিল ǀ অৱশেষত ক্ৰিপছ মিছনো ব্যৰ্থ হয় ǀ

            ইয়াৰ লগতে ভাৰত ত্যাগ আন্দোলনৰ অন্য কিছুমান কাৰণ আছিল- জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববংগত সন্ত্ৰাস, ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাৱ ইত্যাদি ǀ

            ভাৰত ত্যাগ আন্দোলন দীৰ্ঘম্যাদি নাছিল যদিও ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা,সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অন্যান্য উদাহৰণ আছিল ǀ স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফুত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল ǀ স্বাধীনতাৰ বাবে আপোচবিহীন ভাৱে কৰা এই সংগ্ৰামত জাতি,ধৰ্ম নিৰ্বিশেষে

ছাত্ৰ,মহিলা,খেতিয়ক আৰু শ্ৰমিক সকলো জপিয়াই পৰিছিল ǀ এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল ǀ সকলো দিশৰ পৰা চালিজাৰি চাই এই আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুটি বুলি অভিহিত কৰিব পাৰি ǀ

 

৬)ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে এটি চমু টোকা লিখা ǀ

উত্তৰঃ ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালয় ব্ৰিটিছ সেনা বাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ হাতত আত্মসমৰ্পণ কৰা ভাৰতীয় সেনা বিষয়া কেপ্টেইন মোহন সিঙে ǀ

            ১৯৪২ চনত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল ǀইয়াৰ ঠিক পিছতে বেংকত বহা অধিৱেশনত লীগৰ সভাপতি হিচাপে বিদেশবাসী জাতীয়তাবাদী নেতা ৰাসবিহাৰী বসুক নিৰ্বাচিত কৰাৰ লগতে ভাৰতীয় জাতীয় সেনাক পুনৰ গঠনৰ সিদ্ধান্ত লোৱা হয় ǀ জাপানত অনুস্থিত লীগৰ এখন বৈঠকত সুভাষ চন্দ্ৰ বসুক ভাৰতীয় জাতীয় সেনাৰ মুৰব্বী ৰ দায়িত্ব প্ৰদান  কৰা হয় ǀ   

            ১৯৪৩ চনৰ অক্টোবৰত,তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্হায়ী চৰকাৰ(আজাদ হিন্দ চৰকাৰ) গঠন কৰি ব্ৰিটিছ মুক্ত ভাৰত গঠনৰ সিদ্ধান্ত লয় ǀ ভাৰতীয় জাতীয় সেনা বাহিনীক পুনৰ গঠন কৰা হয় ǀ যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত অন্তভুক্তিৰ বাবে ব্যৱস্থা কৰা হয় ǀ যুদ্ধৰ বাবে অৱশ্যকীয় পুজি গঠনৰ ব্যৱস্থা হাতত লয় ǀঝান্সি ৰাণী ৰেজিমেন্ট’ নামৰ মহিলাৰ বাহিনী এটাও গঠন কৰা হয় ǀ

            ভাৰতীয় জাতীয়সেনাৰ মূল শ্লোগান আছিল ‘জয় হিন্দ’ ǀ ব্ৰিটিছ আৰু সহযোগী সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগলাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ জয় কৰিছিল ǀ বসুৰ বিখ্যাত ‘মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম ’ উক্তিয়ে সৈন্যসকলক অনুপ্ৰাণিত কৰিছিল ǀ কিন্তু বিশ্বযুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্যবাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে ǀ

 


মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম

অধ্য়ায় ২

১/ কিমান চনত বিশ্বযুদ্ধ আৰম্ভ কৰা হৈছিল?

উত্তৰঃ ১৯১৪ চনত বিশ্বযুদ্ধ আৰম্ভ কৰা হৈছিল



২/ কিমান চনত মহাত্মা গান্ধীৰ জন্ম হৈছিল?

উত্তৰঃ ১৮৬৯ চনৰ ২  অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইৰ এটা স্বচ্ছল পৰিয়ালত মহান্তা গান্ধীৰ জন্ম হৈছিল



৩/ মহাত্মা গান্ধীয়ে কিমান চনত আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ১৮৮৮ চনত আইন অধ্যয়ন কৰিবলৈ লণ্ডনলৈ গৈছিল



৪/ কিমান চনত ব্যাৰিষ্টাৰ উপাধিলৈ তেওঁ ভাৰতলৈ উভতি  আহিছিল?

উত্তৰঃ ১৮৯১ চনত ব্যাৰিষ্টাৰ  উপাধিলৈ তেওঁ ভাৰতলৈ উভতি আহিছিল

 

৫/ 'সত্যাগ্ৰহ' শব্দটো অৰ্থ কি?

উত্তৰঃ 'সত্যাগ্ৰহ' শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাতে প্ৰথমে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল। এই শব্দটো 'সত্য' আৰু 'আগ্ৰহ'  শব্দ দুটা লগ হৈ সৃষ্টি হৈছে, যাৰ অৰ্থ 'সত্যৰ প্ৰতি আগ্ৰহ', অৰ্থাৎ সত্যনিষ্ঠ হৈ কাম কৰা

৬/ কিমান চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল?

উত্তৰঃ ১৯১৯ চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল



৭/ সত্যাগ্ৰহ বা অহিংস আন্দোলন কেতিয়া আৰম্ভ কৰা হৈছিল?

উত্তৰঃ সত্যাগ্ৰহ বা অহিংস আন্দোলন ১৯১৯ চনত আৰম্ভ কৰা হৈছিল



৮/ সত্যাগ্ৰহ কি?

উত্তৰঃ সত্যাগ্ৰহ হল 'এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধীকৰণ আৰু প্ৰায়শ্চিত্তকৰণৰ প্ৰক্ৰিয়া'

৯/ কিমান চনত জালিৱানৱালাবাগৰ হত্যাকাণ্ড হৈছিল?

উত্তৰঃ ১৩ এপ্ৰিল, ১৯৯৯ চনত জালিৱানৱালাবাগৰ হত্যাকাণ্ড হৈছিল



১০/ কিমান চনত ° সত্যপাল আৰু ° কিট্চলিউ নামৰ নেতা দুজনক গ্ৰেপ্তাৰ কৰিছিল?

উত্তৰঃ ১০ এপ্ৰিলত  ° সত্যপাল আৰু ° কিট্চলিউ নামৰ নেতা দুজনক গ্ৰেপ্তাৰ কৰিছিল



১১/ অসহযোগ আন্দোলন কিমান চনত হৈছিল?

উত্তৰঃ অসহযোগ আন্দোলন ১৯২০ চনৰ পৰা ১৯২২ চনলৈ চলিছিল



১২/ অসহযোগ আন্দোলনৰ কাৰকসমূহ উল্লেখ কৰা?

উত্তৰঃ অসহযোগ আন্দোলনৰ কাৰকসমূহ তলত উল্লেখ কৰা হল-

(১) প্ৰথম বিশ্বযুদ্ধত ভাৰতীসকলৰ অসন্তুষ্টি, কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল

(২) ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বৰ্দ্ধিত দমনমূলক নীতি গ্ৰহণ। এই আইনে সন্ত্ৰাসবাদৰ সন্দেহত যিকোনো লোককে দুবছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কৰ্তৃত্ব ব্ৰিটিছ চৰকাৰক প্ৰদান কৰিছিল। গান্ধীৰ নেতৃত্বত এই আইনৰ বিপক্ষে এক সৰ্বব্যাপী প্ৰতিবাদী আন্দোলন গঢ়ি উঠিছিল

(৩) ১৯১৯ চনৰ জালিয়ানৱালাবাগৰ হত্যাকাণ্ড

(৪) ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অৰ্থনৈতিক শোষণ

(৫) ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফ আন্দোলনৰ প্ৰতি সমৰ্থন



১৩/ কিমান চনত স্বাধীনতা দিৱস পালন কৰা হয়?

উত্তৰঃ ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটো গোটেই দেশজুৰিত স্বাধীনতা দিৱস পালন কৰা হয়



১৪/ আইন অমান্য আন্দোলন কিমান চনত আৰম্ভ হৈছিল?

উত্তৰঃ আইন অমান্য আন্দোলন ১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈ আৰম্ভ হৈছিল



১৫/ আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ কি?

উত্তৰঃ আইন অমান্য আন্দোলনৰ প্ৰধান কাৰণ আছিল - ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন



১৬/ কিমান চনত গান্ধীক আটক কৰিছিল?

উত্তৰঃ ১৯২২ চনৰ ১০ মাৰ্চত গান্ধীক আটক কৰিছিল



১৭/ গান্ধীজীয়ে প্ৰেৰণ কৰা দাবীসমূহ কি কি?

উত্তৰঃ গান্ধীজীয়ে প্ৰেৰণ কৰা দাবীসমূহ হল -

(১) মাদক দ্ৰব্য়ৰ প্ৰচলন বন্ধ,

(২) টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত সলনি,

(৩) মাটিৰ খাজনাৰ পৰিমাণ কম কৰা,

(৪) লোণ কৰ বন্ধ কৰা,

(৫) সৈন্য বাহিনীৰ ব্য়য় সংকোচন কৰা,

(৬) বিদেশী কাপোৰত সীমা শুল্ক আৰোপ,

(৭) ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা,

(৮) অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি,

(৯) সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া,

(১০) আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা



১৮/ দাণ্ডি যাত্ৰা কাক বোলে?

উত্তৰঃ সমান্তৰালভাৱে আইন অমান্য আন্দোলন ১৯৩০ চনত গান্ধীৰ লোণ সত্য়াগ্ৰহৰ জৰিয়তে আৰম্ভ হৈছিল যাক দাণ্ডি যাত্ৰা বুলি জনা যায়। ১৯৩০ চনৰ ১২ মাৰ্চত এই যাত্ৰাৰ আৰম্ভণি হৈছিল



১৯/ গান্ধীজীয়ে কিমান কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি সবৰমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাওঁখনলৈ যাত্ৰা কৰিছিল?

উত্তৰঃ একেৰাহে ২৫ দিন যাত্ৰা কৰি প্ৰায় ৩৮৫ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰি সবৰমতী আশ্ৰমৰপৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাওঁখনলৈ যাত্ৰা কৰিছিল

২০/ গান্ধী আৰউইন চুক্তি কেতিয়া আৰম্ভ হৈছিল?

উত্তৰঃ গান্ধী আৰউইন চুক্তি ১৯৩১ চনৰ ৫ মাৰ্চ তাৰিখে আৰম্ভ হৈছিল

২১/ দ্বিতীয় ঘূৰণীয়া মেজমেল কত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৩১ চনত দ্বিতীয় ঘূৰণীয়া মেজমেল লণ্ডনত অনুষ্ঠিত হৈছিল

২২/ মহাত্মা গান্ধীৰ লগতে তদানিন্তন কংগ্ৰেছৰ সভাপতি কোন আছিল?

উত্তৰঃ মহাত্মা গান্ধীৰ লগতে তদানিন্তন কংগ্ৰেছৰ সভাপতি বল্লভ ভাই পেটেল

২৩/ কিমান তাৰিখে 'মুক্তি দিৱস' পালন কৰা হয়?

উত্তৰঃ ১৯৩৯ চনৰ ২২ ডিচেম্বৰত 'মুক্তি দিৱস' দিৱস পালন কৰা হয়

২৪/ কিমান চনত 'আগষ্ট প্ৰস্তাৱ' ঘোষণা কৰা হৈছিল?

উত্তৰঃ ১৯৪০ চনৰ আগষ্ট মাহত  'আগষ্ট প্ৰস্তাৱ' ঘোষণা কৰা হৈছিল

২৫/ দ্বিতীয় বিশ্বযুদ্ধৰ কেতিয়া আৰম্ভণি হৈছিল?

উত্তৰঃ ১৯৩৯ চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল

২৬/ কিমান চনত কংগ্ৰেছৰ মন্ত্ৰীসকলে মন্ত্ৰিত্বৰপৰা পদত্যাগ কৰিছিল?

উত্তৰঃ ১৯৩৯ চনত কংগ্ৰেছৰ মন্ত্ৰীসকলে মন্ত্ৰিত্বৰপৰা পদত্যাগ কৰিছিল

২৭/ ভাৰত ত্যাগ আন্দোলনৰ কাৰণবোৰ কি আছিল?

উত্তৰঃ ভাৰত ত্যাগ আন্দোলনৰ কাৰণবোৰ আছিল - জাপানৰ ভাৰত আক্ৰমণৰ ভাবুকি, পূৰ্ববংগত সন্ত্ৰাস আৰু ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত ঠাই লোৱা নিৰাপত্তাহীনতাৰ ভাব

২৮/ ভাৰত ত্যাগ আন্দোলন কিমান তাৰিখে আৰম্ভণি কৰিছিল?

উত্তৰঃ ১৯৪২ চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভণি কৰিছিল

২৯/ আগষ্ট বিপ্লৱ কাক বোলে?

উত্তৰঃ আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱা বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ বোলা হয়

৩০/ ভাৰতীয় স্বতন্ত্ৰ লীগ কিমান চনত গঠন কৰা হৈছিল?

উত্তৰঃ ১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅত বহা এখন সভাত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল

৩১/ ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান কি আছিল?

উত্তৰঃ ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্লোগান আছিল - 'জয় হিন্দ'

৩২/ নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিখ্যাত উক্তিটো কি আছিল?

উত্তৰঃ নেতাজী সুভাষ চন্দ্ৰ বসুৰ বিখ্যাত উক্তিটো আছিল - মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম

৩৩/ সুভাষ চন্দ্ৰ বসুই কিমান চনত বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল?

উত্তৰঃ সুভাষ চন্দ্ৰ বসুই ১৯৪৫ চনৰ আগষ্ট মাহত এটা বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল

৩৪/ উক্ত কেবিনেট মিছনৰ সদস্য কোন কোন?

উত্তৰঃ ছাৰ ষ্টেফোৰ্ড ক্ৰীপছ, লৰ্ড পেথিক লৰেন্স আৰু এ.ভি. আলেকজেণ্ডাৰ আছিল উক্ত কেবিনেট মিছনৰ সদস্য়

৩৫/ 'প্ৰত্যক্ষ দাবী দিৱস' কেতিয়া পালন কৰা হয়?

উত্তৰঃ 'প্ৰত্যক্ষ দাবী দিৱস' ১৬ আগষ্ট ১৯৪৬ চনত পালন কৰা হয়

৩৬/ ঘোষণা - পত্ৰ মূল বৈশিষ্ট্য়সমূহ কি কি?

উত্তৰঃ ঘোষণা-পত্ৰ মূল বৈশিষ্ট্য়সমূহ হল -

(১) ভাৰতবৰ্ষক বিভাজন কৰা হব

(২) উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশত গণমত সাপেক্ষে বাসিন্দাসকলে ভাৰত অথবা পাকিস্তানত যোগদান কৰিব পাৰিব,

(৩) পাঞ্জাৱ আৰু বংগদেশৰ প্ৰদেশিক বিধানমণ্ডলে প্ৰদেশ দুখন বিভাজিত হব নে নহয় নিজে সিদ্ধান্ত গ্ৰহণ কৰিব,

 (৪) দেশীয় ৰাজ্যবোৰে নিজৰ ইচ্ছা অনুসৰি ভাৰত বা পাকিস্থানত যোগ দিব পাৰিব

৩৭/ ভাৰত স্বাধীন আইনৰ কাৰণসমূহ কি কি?

উত্তৰঃ ভাৰত স্বাধীন আইনৰ কাৰণসমূহ হল -

(১) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব

(২) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্ৰিটিছ কমনৱেল্থত দেশদুখনে যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত লব

(৩) প্ৰতিখন স্ব-শাসিত দেশতে একোজনকৈ গৱৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব

(৪) দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূৰ্ণ নিজাববীয়াকৈ আইন প্ৰণয়নৰ অধিকাৰ লাভ কৰিব

৩৮/ 'ৰেডক্লিফ ৰেখাক' কি সীমা বুলি জনা যায়?

উত্তৰঃ ১৯৪৭ চনৰ ১৭ আগষ্টত ৰেডক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰা হয়। ১৯৭১ চনৰ মাৰ্চ মাহত যেতিয়া বাংলাদেশ স্বাধীন হয় ৰেডক্লিফ ৰেখাক ভাৰত আৰু বাংলাদেশৰ সীমা বুলিও গ্ৰহণ কৰা হয়