Class 10 Assamese Lesson 13 পাৰস্যত এভুমুকি

Madan Gaikwad
By -

পাৰস্যত এভুমুকি  – ৰথীন্দ্ৰনাথ গোস্বামী


১। চমু উত্তৰ দিয়া:


(ক) ভেংকি ক’ত থাকে আৰু তেওঁ কিহৰ তদাৰক কৰে?


উত্তৰঃ লেখকৰ সহকৰ্মী ভেংকি (ভেংকটৰমণী) বুশ্বেৰত থাকে আৰু তেওঁ ৰিগলৈ। যাবলগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে। 


(খ) নিৰাপত্তাৰক্ষীসকলৰ সৈতে কথা-বতৰাত হুছেইনে কেনে উদ্যোগ লৈছিল ?


উত্তৰঃ ভেংকিয়ে নিৰাপত্তাৰক্ষী কেইগৰাকীৰ সৈতে কথা-বতৰা আৰম্ভ কৰিলে। হুছেইনে ফাৰ্চীৰ পৰা ইংৰাজীলৈ আৰু ইংৰাজীৰ পৰা ফাৰ্চীলৈ অনুবাদ কৰি বাৰ্তালাপত সহায় কৰিলে।


(গ) হুছেইন আৰু অবুজাৰ কোন আছিল ? 


উত্তৰঃ হুছেইন হৈছে অবুজাৰৰ সহযোগী। অবুজাৰ লেখকৰ ট্ৰেভেল এজেন্ট।


(ঘ) ইৰাণীসকল কেনে প্ৰকৃতিৰ ? তেওঁলোকৰ বাৰ্তালাপ কেনেধৰণৰ ? 


উত্তৰঃ ইৰাণীসকল নম্ৰ। তেওঁলোকে সুন্দৰ সম্ভাষণেৰে বাৰ্তালাপ কৰে, উচ্চস্তৰত কথা নকয় আৰু কথা-বতৰাত বিনয়ী স্বভাৱৰ প্ৰতিফলন ঘটে। তেওঁলোকে যে এটা ঐতিহ্যময় সভ্যতাৰ শিখা কঢ়িয়াই আনিছে তাৰ পৰিচয় পোৱা যায় তেওঁলোকৰ বাৰ্তালাপত।


(ঙ) ইৰাণীসকলৰ চেহেৰা আৰু সাজপাৰ কেনেধৰণৰ ? 


উত্তৰঃ ইৰাণীসকল যথেষ্ট ধুনীয়া চেহেৰাৰ, সাজ-পোছাক আধুনিক। চহৰত ভ্ৰমণ কৰোতে বহুতো ইৰাণী মহিলাই বোর্খা নিপিন্ধাকৈয়ে ফুৰা দেখা গ’ল। যুৱতীবোৰে টি ছাৰ্ট, জিনছ, কে’ডছ আদি পিন্ধিছে, মাথোন একোখন স্কার্ফেৰে মূৰটো ঢাকি লৈছে। সেই স্কার্ফখনক তেওঁলোকে হিজাব বোলে।


(চ) ইৰাণত শুকুৰবাৰে কেনেধৰণৰ পৰিৱেশ হয় ?


উত্তৰঃ ইৰাণত শুকুৰবাৰে আমাৰ ইয়াৰ দেওবাৰৰ দৰে পৰিৱেশ হয়। তাৰ মাজতো দুই এখন দৈনন্দিন প্রয়োজনীয় দোকান খোলা থাকে।


(ছ) ফল-মূলৰ দোকানবোৰত কি সজাই থোৱা হৈছিল ? 


উত্তৰঃ ফল-মূলৰ দোকানত ৰঙা ছেৰিৰ পৰা আৰম্ভ কৰি তৰমুজলৈকে বিভিন্ন ফল- মূল সজাই থোৱা আছে।


(জ) বুশ্বেৰৰ খেজুৰৰ জুতি কেনেধৰণৰ ?


উত্তৰঃ বুশ্বেৰৰ খেজুৰ বিখ্যাত। মিঠা আৰু সতেজ। পকা খেজুৰৰ পৰা যিদৰে ৰস ওলায়, নাজানিলে ধাৰণা হ’ব যেন কোনোবাই ৰস ঢালি আনিছে।


(ঝ) পাৰস্যৰ কি কথাই লেখকক বিশেষভাবে আকৰ্ষণ কৰিছিল ? 


উত্তৰঃ পাৰস্যৰ এটা কথাই লেখকক বিশেষভাৱে আকৰ্ষণ কৰিছিল, সেয়া হৈছে অসমীয়া ভাষাত ব্যৱহাৰ হোৱা ফাৰ্চী ভাষাৰ শব্দবোৰ। কেবাশতিকা ধৰি কিছুমান ব্যক্তিয়ে সুদুৰ পাৰস্যৰ পাৰৰ পৰা আনি ভাৰতৰ উত্তৰ-পূব দিশত এই শব্দবোৰ বিলাই দিছিল। 


(ঞ) জাগ্ৰছৰ পৰ্বত শৃংখলাটো ক লৈকে বিয়পি আছে? 


উত্তৰঃ জাগ্ৰছ পর্বত শৃংখলা ইৰাণৰ উত্তৰ-পশ্চিমৰ পৰা দক্ষিণ-পূবলৈকে বিয়পি আছে। ইয়াৰ সৰ্বোচ্চ শৃংগৰ উচ্চতা প্রায় ৪৫,০০ মিটাৰ। জাগ্ৰছৰ উপৰি দেশখনত আৰু কেইবাটাও পর্বত শৃংখলা আছে।


Group – A গদ্যাংশ


১। লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো ক’ত অৱস্থিত?


উত্তৰঃ লেখকে উল্লেখ কৰা মতে তেওঁলোকৰ ৰিগটো পাৰস্য উপসাগৰত অৱস্থিত।


২। বুশ্বেৰ কি?


উত্তৰঃ ইৰাণৰ এখন বন্দৰ নগৰ।


৩। বুশ্বেৰ হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল?


উত্তৰঃ বুশ্বেৰৰ হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত ইৰাণী যুৱক মেহদি আৰু ঘাছেম আছিল।


৪। বুশ্বেৰ বিমান বন্দৰটোক কিয় গুৰুত্বপূৰ্ণ বুলিছে?


উত্তৰঃ বুশ্বেৰ বিমান বন্দৰটো ইৰাণৰ এটা সামৰিক ঘাটি। সেয়েহে ইয়াক গুৰুত্বপূৰ্ণ বুলিছে।


৫। লেখকে বুশ্বেৰত কি আছে বুলি শুনিছে?


উত্তৰঃ লেখকে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰ আছে বুলি শুনিছে।


৬। মেহদি আৰু ঘাছেম কোন?


উত্তৰঃ মেহদি আৰু ঘাছেম দুয়োজন ইৰাণী যুৱক৷


৭। মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম কি?


উত্তৰঃ মেহেদি আৰু ঘাছেমে কাম কৰা কোম্পানীটোৰ নাম হ’ল – জিঅ’লগ।


৮। ভেংকি কত থাকে?


উত্তৰঃ ভেংকি বুশ্বেৰত থাকে।


৯। ভেংকিয়ে কি কৰে?


উত্তৰঃ ভেংকিয়ে বুশ্বেৰৰপৰা ৰিগলৈ যাব লগা হেলিকপ্টাৰ আৰু সামগ্ৰী যোগানকাৰী জাহাজৰ তদাৰক কৰে। 


১০। আবুজাৰ কোন?


উত্তৰঃ আবুজাৰ এজন ট্রেভেল এজেন্ট।


১১। ‘আগা’ শব্দৰ অৰ্থ কি?


উত্তৰঃ আগা শব্দটো শ্ৰীযুতৰ সমাৰ্থক শব্দ।


১২। ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিছাপে স্বীকৃতি লাভ কৰে?


উত্তৰঃ ১৯৭৯ চনৰ পহিলা এপ্ৰিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্ৰ হিচাপে স্বীকৃতি লাভ কৰে।


১৩। ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা কোন?


উত্তৰঃ ইৰাণৰ ইছলামিক গণতন্ত্ৰৰ প্ৰতিষ্ঠাতা হ’ল ইমান আয়াতুল্লা খোমেনি।


১৪। ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল?


উত্তৰঃ ইৰাণত পাৰমাণৱিক গৱেষণা চলি আছে বুলি লেখকে জানিব পাৰিছিল৷ ডাটা ইঞ্জিনিয়াৰ জাভাদেও লেখকক জনাইছিল যে বুশ্বেৰত এটা ৰিয়েক্টৰ আছে। সেয়েহে যেতিয়াই তেওঁ হেলিকপ্টাৰেৰে বুশ্বেৰলৈ অহা-যোৱা কৰে তেতিয়াই গোলাকৃতিৰ স্থাপত্যটোৱে তেওঁক  কৌতূহলী কৰে। তেওঁৰ ধাৰণা তাতেই পাৰমাণৱিক গৱেষণা চলি আছে।


১৫। ইৰাণৰ ৰাজধানীৰ নাম কি?


উত্তৰঃ ইৰাণৰ ৰাজধানীৰ নাম টেহৰাণ।


১৬। টেহৰাণত বিমান বন্দৰ কেইটা?


উত্তৰঃ টেৰাণত বিমান বন্দৰ দুটা।


১৭। লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম কি?


উত্তৰঃ লেখক থকা টেহৰাণৰ হোটেলখনৰ নাম হোমা।


১৮। ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র কেনেকৰা শিলান্তৰত অৱস্থিত?


উত্তৰঃ ভাৰতৰ প্ৰায়বোৰ তৈলক্ষেত্র নৱজীৱি মহাকল্পৰ শিলান্তৰত অৱস্থিত।


১৯। ‘স্লামবাৰ্জাৰ’ কি?


উত্তৰঃ ‘স্লামবাৰ্জাৰ’ ইৰাণৰ এটি বহুৰাষ্ট্ৰীয় কোম্পানী।


২০। ইৰাণীসকলে নৱবৰ্ষক কি বোলে?


উত্তৰঃ ইৰাণীসকলে নৱবৰ্ষক ন ৰোজ বোলে।


২১। বেহেষ্ট-ই-জাহৰা কি?


উত্তৰঃ বেহেষ্ট-ই-জাহৰা হ’ল টেহৰাণৰ মুখ্য সমাধিস্থল।


২২। শ্বিৰীন ইবাডি কোন?


উত্তৰঃ শ্বিৰীন ইবাড়ি নবেল বঁটা বিজয়ী ইৰাণী মহিলা। তেওঁ শোষিত, নিষ্পেষিত লোকসকলৰ হকে মাত মাতি মানৱ অধিকাৰৰ অগ্ৰণী ৰণুৱা হিচাপে সমগ্ৰ বিশ্বত পৰিচিত হৈ পৰিছিল।


২৩। চেনি কোনে আৱিষ্কাৰ কৰিছিল?


উত্তৰঃ কিংবদন্তি মতে সম্রাট জামছেদে নৱৰোজৰ কোনোবা এটা পবিত্ৰ দিনত চেনি আৱিষ্কাৰ কৰিছিল।


২৪। লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল?


উত্তৰঃ লেখৰ ইৰাণলৈ তেলৰ অন্বেষণৰ দায়িত্ব লৈ গৈছিল।


২৫। ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি?


উত্তৰঃ ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট।


২৬। ‘কেন্দ’ৰ অর্থ কি?


উত্তৰঃ ‘কেন্দ’ৰ অৰ্থ হ’ল চেনি।


২৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা।


উত্তৰঃ বুশ্বেৰ, আহৱাজ, চিৰাজ, ইছফাহান, নাটাজু, মাছাদ, য়াজ, টাবৰিজ, হামাদান, কাৰমান, আৰডাবিল আদি।


২৮। টেহৰাণৰ বিমান বন্দৰ কেইটা কি কি আৰু কোন কোন স্থানত?


উত্তৰঃ টেহৰাণৰ বিমান বন্দৰ দুটা— মেহৰাবাদ এয়াৰপৰ্ট আৰু খোমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। মেহৰাবাদ বিমান বন্দৰটো চহৰত, আনহাতে খোমেনি বিমান বন্দৰটো চহৰৰ পৰা দূৰত।


২৯। তলত দিয়া শব্দকেইটা কি ভাষাত লিখা।


কেঁচি, দোৱাত, চিয়াঁহী, চিচা, কেন্দি।


উত্তৰঃ ফাৰ্চী ভাষাত লিখা।


৩০। তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখা।


খেলে মামনুন, মিৰচ্ ছালাম।


উত্তৰঃ খেলে মামনুন – ধন্যবাদ জ্ঞাপন কৰা শব্দ।


মিৰচি ছালাম – ধন্যবাদ জ্ঞাপন কৰা শব্দ।


৩১। তলত দিয়া শব্দকেইটাৰ প্ৰতীকি অর্থ কি?


চবজে, ছামানু, ছিব, জেনেজেভ, ছিৰ, ছমাক ছেৰকেহ।


উত্তৰঃ চবজে: পুনর্জন্মৰ প্ৰতীক (ঘেঁহু বা দাইল)।


ছামানু: নতুন জীৱনৰ প্ৰতীক (ঘেঁহুৰ কঠীয়াৰ পায়স)


ছিব: স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতীক (আপেল)।


জেনেজেভ: প্ৰেমৰ প্ৰতীক (বনৰীয়া শুকান জলফাই)।


ছিৰ: ঔষধৰ প্রতীক (নহৰু)।


ছমাক: সূর্যোদয়ৰ বৰণ বুজায় (এবিধ বগৰী)।


ছেৰকেহ: বয়স আৰু দৈৰ্যৰ প্ৰতীক (ভিনেগাৰ)।


৩২। তলত দিয়া শব্দকেইটাত ‘ষ’আৰু ‘ণ’ কিয় প্রয়োগ হৈছে লিখা।


সম্ভাষণ, অন্বেষণ, গবেষণা, অৱতৰণ।


উত্তৰঃ আটাইতকৈ স্বাভাৱিকতে ‘ষ’ হৈছে আৰু ‘ষ’ আৰু ‘ৰ’ পাছত ব্যৱধায়ৰ হিচাপে স্বৰবৰ্ণ থকাৰ বাবে পিছত ‘ণ’ হৈছে।


৩৩। তলৰ শব্দকেইটাত কি প্রত্যয় প্রয়োগ হৈছে লিখা।


ইৰাণী, আবাসিক, বাণিজ্যিক, শেহতীয়া, সোণালী, খৰচী।


উত্তৰঃ ইৰাণী = ইৰাণু + ঈ।


আবাসিক = আবাস + ইক/ষ্ণিক।


বাণিজ্যিক = বাণিজ্য + ইক/ষ্ণিক।


শেহতীয়া = শেষ/শেহ + অতীয়া।


সোণালী = সোণ + আলী।


খৰচী = খৰচ + ঈ।


প্রশ্ন ১। চমুকৈ উত্তৰ দিয়া


 ( ক ) লেখকে উল্লেখ কৰা মতে তেওঁলােকৰ ৰিগটো ক’ত অৱস্থিত ? 


উত্তৰঃ   লেখকে উল্লেখ কৰা মতে তেওঁলােকৰ ৰিগটো পাৰস্য উপসাগৰত  অৱস্থিত । 


( খ ) বুশ্বেৰ কি ? 


উত্তৰঃ   বুশ্বেৰ হ’ল- পাৰস্য উপসাগৰত অৱস্থিত বন্দৰ নগৰী ।


 (গ ) বুশ্বেৰত হেলিকপ্টাৰৰ পৰা নমাৰ সময়ত লেখকৰ লগত কোন কোন আছিল ?


 উত্তৰঃ  লেখক গােস্বামীৰ লগত আৰু দুজন ব্যক্তি আছিল ; তেওঁলােক হ’ল মেহদি আৰু ঘাছেম । তেওঁলােক তিনিও বুশ্বেৰ বন্দৰত  অবতৰণ কৰে । 


( ঘ ) বুশ্বেৰ বিমান বন্দৰটোক কিয় গুরুত্বপূর্ণ বুলিছে ? 


উত্তৰঃ বন্দৰটো হৈছে ইৰানৰ এটা সামৰিক ঘাটি । সেয়ে ইয়াৰ বিশেষ গুরুত্ব আছে ।


 ( ঙ ) লেখকে বুশ্বেত কি আছে বুলি শুনিছে ?


 উত্তৰঃ  লেখকে বুশ্বেৰত এটা নিউক্লিয় বিয়েক্টৰ থকাৰ কথাও উল্লেখ কৰিছে । 


( চ ) মেহদি আৰু ঘাছেম কোন ?


 উত্তৰঃ লেখকৰ সহযাত্রী , দুয়ােজন ইৰানী যুৱক । তেওঁলােক তৈলনগৰী আহৱাজৰ বাসিন্দা ।


 ( ছ ) মেহদি আৰু ঘাছেমে কাম কৰা কোম্পানিটোৰ নাম কি ? 


উত্তৰঃ দুয়াে জিঅ’ লগ নামৰ ইটালিয়ান কোম্পানিটোৰ ‘মাডলগাৰ’ । তেলৰ বাবে চলােৱা খননকার্যত ‘মাডলগিং’ আহিলাসমূহৰ ভূমিকা গুরুত্বপূর্ণ । 


( জ ) ভেংকি ক’ত থাকে ? 


উত্তৰঃ ভেংকি লেখকৰ সহকর্মী আৰু তেওঁ বুশ্বেৰত থাকে । 


( ঝ ) ভেংকিয়ে কি কৰে ? 


উত্তৰঃ ভেংকিয়ে ৰিগলৈ যাবলগীয়া হেলিকপ্টাৰ আৰু সামগ্রী যােগানকাৰী জাহাজৰ তদাৰক কৰে । 


( ঞ ) অবুজাৰ কোন ?


 উত্তৰঃ অবুজাৰ হৈছে ট্রেভেল এজেণ্ট ; তেওঁ লেখকৰ টেহৰাণ যাত্ৰাৰ বাবে টিকেট কিনিবলৈ গৈছে ।


( ট ) ‘আগা ’ শব্দৰ অর্থ কি ?


 উত্তৰঃ ‘আগা ’ শব্দটো শ্ৰীযুতৰ সমার্থক সন্মানীয় শব্দ । 


( ঠ ) পােনতে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ মূল পৃষ্ঠপােষক কোন আছিল ? 


 উত্তৰঃ  ইৰাণৰ পাণৱিক কার্যসূচীৰ মূল কেন্দ্ৰ হৈছে উত্তৰ দিশত অৱস্থিত নাটাঞ্জৰ ভূগৰ্ভত থকা প্ৰকল্প ।


 ( ড ) ইৰাণে কেতিয়া ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে ? 


 উত্তৰঃ ১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্রিলৰ পৰা ইৰানে   ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে ।


( ঢ ) ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা কোন ?


 উত্তৰঃ  ইৰাণৰ ইছলামিক গণতন্ত্র প্রতিষ্ঠাতা হ’ল-     ইমাম আয়াতুল্লা খােমেনি ।


(ণ ) ইৰাণৰ কোনটো বিষয়ে লেখকৰ কৌতূহল বৃদ্ধি কৰিছিল ? 


উত্তৰঃ  বুশ্বেৰ চহৰৰ পাৰমাণৱিক গৱেষণাগৃহ থকা গােলাকৃতিৰ স্থাপত্যটোৱে লেখকক কৌতুহলী কৰি তুলিছিল । 


( ত ) ইৰাণৰ ৰাজধানীৰ নাম কি ?


 উত্তৰঃ  ইৰাণৰ ৰাজধানীৰ নাম হ’ল – টেহৰাণ ।


 ( থ ) টেহৰাণত বিমান বন্দৰ কেইটা ? 


উত্তৰঃ  টেহৰাণত বিমান বন্দৰ হ’ল- দুটা মেহৰাবাদ এয়াৰপ’ৰ্ট আৰু খােমেনি ইণ্টাৰনেশ্যনেল এয়াৰপ’ৰ্ট ।


 ( দ ) লেখক থকা টেহৰাণৰ হােটেলখনৰ নাম কি ? 


উত্তৰঃ  লেখক থকা টেহৰাণৰ হােটেলখনৰ নাম হ’ল- হােমা হােটেল । 


( ধ ) ভাৰতৰ প্রায়বােৰ তৈলক্ষেত্র কেনেকুৱা শিলাস্তৰত অৱস্থিত ?


 উত্তৰঃ ভাৰতৰ প্রায়বােৰ তৈলক্ষেত্ৰ নৱজীৱি মহাকল্পৰ শিলাস্তৰত অৱস্থিত ।


 ( ন ) ‘স্লামবার্জাৰ’ কি ?


 উত্তৰঃ  এটা বহুৰাষ্ট্ৰীয় কোম্পানীৰ কার্যালয় । এই কোম্পানীৰ কার্যালয় নাজিৰাৰ পৰা নাইজেৰীয়ালৈকে , দুলীয়াজানৰ পৰা ডুবাইলৈকে , টেহৰাণৰ পৰা টেক্সাছলৈকে পৃথিৱীৰ সকলাে তৈলক্ষেত্ৰৰ আশে – পাশে আছে । 


( প ) ইৰাণীসকলে নৱবৰ্ষক কি বােলে ?


 উত্তৰঃ    ইৰাণীসকলে নৱবৰ্ষক  ন’ৰোজ ( নতুন দিন ) বোলে ।


( ফ ) বেহেষ্টই – জাহৰা কি ? 


উত্তৰঃ টেহৰাণৰ এখন জনপ্রিয় স্থান বেহেষ্ট – এই – জাহৰা ৷ টেহৰণক জানিবৰ কাৰণে এই ঠাই ভ্ৰমণ কৰা উচিত । ই এখন মুখ্য সমাধিস্থান । ইয়াত খােৱা – বােৱাৰ পৰা খেলপথাৰলৈকে সকলাে আছে ।


 ( ব ) শ্বিৰীণ ইবাড়ি কোন ?


 উত্তৰঃ  শ্বিৰীণ ইবাড়ি হ’ল ন’বেল বিজয়ী । তেওঁৰ পৰিয়ালৰ সদস্য এজনকো ইয়াতে সমাধিস্থ কৰা হৈছে । মানৱ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ কঠোৰপন্থীসকলৰ বিৰুদ্ধে সংগ্রাম কৰিছিল । মানৱ – অধিকাৰ সংগ্ৰামৰ বাবেই তেওঁ ন’বেল বঁটা পায় । 


( ভ ) চেনি কোনে আৱিষ্কাৰ কৰিছিল ? 


উত্তৰঃ  সম্রাট জামছেদে নৱৰােজৰ কোনাে এটা পবিত্র দিনত চেনি আৱিষ্কাৰ কৰিছিল ।


 ( ম ) লেখক ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল ?


 উত্তৰঃ লেখকে তেলৰ অন্বেষণত ইৰাণৰ চৰকাৰী তেল কোম্পানীৰ এগৰাকী মুখ্য বিষয়াক লগ ধৰিবৰ কাৰণে ইৰাণলৈ গৈছিল । তেওঁৰ নাম আগা অশ্ৰুফজাদেক , কোম্পানীটোৰ এগৰাকী তেল অন্বেষক ।


য ) ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম কি ? 


উত্তৰঃ  ইৰাণৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটোৰ নাম হ’ল- খােমেনি ইণ্টাৰনেশ্যনেল বিমান বন্দৰ ।


 ( ব ) ‘কেন্দ’ৰ  অর্থ কি ? 


উত্তৰঃ ‘কেন্দ ’ পাছি শব্দ , যাৰ অৰ্থ চেনি । ইংৰাজীত ইয়াক কেন্দি বােলে । 


প্রশ্ন ২। তেলৰ বাবে চলােৱা খনন কার্যত মডলগিং’ আহিলাসমূহৰ  ভূমিকা কি ?


উত্তৰঃ তেলৰ বাবে চলােৱা খনন কার্যত মাডলগিং আহিলাসমূহৰ গুৰুত্বপূর্ণ ভূমিকা আছে । এইবােৰৰ জৰিয়তে সংগ্রহ কৰা তথ্যই এখন নতুন তৈলক্ষেত্র আবিষ্কাৰত আৰু কোনাে বিপজ্জনক পরিস্থিতি নােহােৱাকৈ খনন কৰাত সহায় কৰিব । ভূতত্ববিদৰ বাবে ই এক গুৰুত্বপূৰ্ণ সঁজুলি । 


প্রশ্ন ৩। বুশ্বেৰ চহৰৰ এটি বর্ণনা দিয়া । 


উত্তৰঃ  বুশ্বেৰ হৈছে এখনি বিন্দৰনগৰী । বুশ্বেৰৰ তাপমাত্রা ৪০ ডিগ্রী ছেণ্টিগ্রেড ওপৰত । বন্দৰটো অধিক ব্যস্ত নহয় যদিও ইয়াৰ এটা বিশেষ গুৰুত্ব আছে । ই ইৰাণৰ এটা  সামৰিক ঘাটি । তাতে বুশ্বেৰত এটা নিউক্লীয় ৰিয়েক্টৰাে আছে । 


       তেল অন্বেষণৰ কামত যােৱা লেখক গােস্বামীয়ে গম পাইছিল যে বুশ্বেৰৰ কোনােবা এঠাইত পাৰমাণৱিক গৱেষণা চলি আছে । তেওঁ ডাটা ইঞ্জিনিয়াৰ জাভাদৰ মুখেদি বুশ্বেৰত এটা ৰিয়েক্টৰ থকা বুলি গম পাইছিল । সেয়ে বুশ্বেৰত থকা গােলাকৃতিৰ স্থাপত্যটোৱে লেখকক আকর্ষিত কৰিছিল । বুশ্বেৰ এখন পৰিকল্পিত সৰু চহৰ । চাৰিলেন যুক্ত পৰিষ্কাৰ আৰু পৰিকল্পিত চহৰখনৰ গুৰুত্ব সৰু চহৰ হ’লেও যথেষ্ট ।


 প্রশ্ন ৪। ইৰাণৰ ইতিহাসৰ বিষয়ে চমুকৈ লিখা ।


 উত্তৰঃ ইৰাণ মানৱ সভ্যতাৰ প্রাচীন ইতিহাসৰ ধ্বজাবাহক । প্রত্নতাত্ত্বিক , ঐতিহাসিক , সাংস্কৃতিক আৰু কীর্তিস্তম্ভৰ যােগেদি ইৰাণৰ প্রাচীন সভ্যতা আজিও সজীৱ হৈ আছে । 


প্রায় চাৰি হাজাৰ বছৰ পূর্বে ইৰাণলৈ আর্য গােষ্ঠীৰ লােকসকল বসবাস কৰিবলৈ আহিছিল।খ্রীষ্টপূর্ব ছশ শতিকামান পূর্বে বিখ্যাত ৰজা ছাইৰাছে উত্তৰ ইৰাণৰ ‘মেডেছসকলক’ পৰাস্ত কৰি ইৰাণবাসীক একগােট কৰিছিল । খ্রীষ্টপূর্ব ৫২৯ ত ছাইৰাছৰ মৃত্যু হােৱাত নতুন ৰজা দাৰিয়াছে সাম্রাজ্য প্রসাৰৰ প্ৰয়াস কৰিছিল । পৰৱৰ্তী কালত ( ৪ র্থ শতিকাত ) আলেকজেণ্ডাৰৰ আগমনে ছাইৰাছৰ পাৰ্চেপলিছ সাম্রাজ্যৰ পতন ঘটাইছিল । 


খ্রীষ্টপূর্ব দ্বিতীয় শতিকালৈকে গ্রীক শাসনৰ পাছত পার্থিয়াসকলে ইৰাণৰ শাসনভাৰ লৈছিল । তেওঁলােকৰ শাসনকালত জোৰাষ্ট্রিয়ান ধর্মই ৰাজধর্ম হিচাপে স্বীকৃতি লাভ কৰিছিল । ৩৫০ বছৰীয়া পার্থিয়ান শাসনৰ পাছত ছাজানিকসকলে চাৰিটা শতিকা ইৰাণ শাসন কৰিছিল । আৰৱসকলে ইৰাণীলৈ ইছলামধৰ্মৰ আগমন ঘটাইছিল আৰু কিছুকাল পাছত ইছলামক ইৰাণৰ মুখ্যধৰ্মৰূপে স্বীকৃতি দিয়া হৈছিল ।


কেইবা শতিকাজুৰি চলা আগৰ শাসনৰ পৰৱৰ্তী কালত বহুতাে বিদেশী শক্ৰিৰ আক্ৰমণত আৰব বিধবস্তু  হৈছিল । ছাফাভিদ বংশৰ শাসন কালত ইৰাণে পূর্বৰ খিয়াতি কিছু পৰিমাণে ঘূৰাই পাবলৈ সক্ষম হৈছিল । স্থাপত্যৰ প্রতি শ্বাহ তপধ্বজ ( প্রথম ) ৰ বিশেষ অনুৰাগ আছিল । তেওঁৰ দিনত ইছলাম ধৰ্মৰ ছিয়া সম্প্রদায়ে ৰাজধৰ্মৰ খিতাপ লাভ কৰিছিল । পৰৱৰ্তী কালত আফগানসকলৰ আক্ৰমণৰ বাবে ছাফাভিদ ৰাজত্বৰ পতন ঘটে ।


ইৰাণৰ শাসকসকলৰ কথা আলােচনা কৰিলে মনলৈ ভাহি অহা শাসকজন হ’ল । নাদিৰশ্বাহ । তেওঁ বেছিদিন ৰাজত্ব কৰা নাছিল ( ১৭৩৭-৪৭ ) । কিন্তু তেওঁৰ ৰাজত্বই আমাৰ দেশত বিভীষিকাৰ সৃষ্টি কৰিছিল । তেওঁ আফগানিস্তানৰ পাছত ভাৰত আক্ৰমণ কৰিছিল  আৰু মােগল সম্রাট মহম্মদ শাহক পৰাস্ত কৰি ( ১৭৩৯ ) এটা বিশাল ৰাজভঁৰাল লুট কৰিছিল । তেওঁ বহুতাে নাগৰিকক হত্যা কৰিছিল আৰু কহিনুৰ , হীৰা , মুক্তা আদিৰ উপৰি হাতী , ঘোঁৰা , উট লৈ গৈছিল । 


নাদিৰ শ্বাহৰ পিছত দুটা শাসকবংশৰ মাজত সংঘাত হয় আৰু ১৭৯০ খ্রীষ্টাব্দত কাজাৰ বংশ জয় হয় আৰু তেওঁলােকে প্রথম বিশ্বযুদ্ধলৈকে ৰাজত্ব কৰে । কেইবা শতিকাজুৰি আৰবৰ ৰাজত্বৰ অধীন হােৱাৰ বাবে ইৰাণৰ সম্পর্ক আন দেশৰ সৈতে নােহােৱাৰ দৰেই হৈছিল । প্রথম বিশ্বযুদ্ধৰ পিছত ৰেহাশ্বাহ পল্লহাভিয়ে ইৰানৰ শাসনভাৰ হাতত ল’লে আৰু তেতিয়াৰে পৰা আধুনিকীকৰণৰ প্রচেষ্টাই গতিশীলতা লাভ কৰে ।


১৯৪১ চনত ছােভিয়েট ৰাছিয়া আৰু ইংলেণ্ড ইৰাণৰ আভ্যন্তৰীণ বিষয়ৰ সৈতে জড়িত হৈ পৰিছিল । আৰাছ নদীৰ উত্তৰে থকা সকলাে অঞ্চল ছােভিয়েট ৰাছিয়াই দখল কৰিছিল । ইৰাণৰ তৈলক্ষেত্ৰৰ ব্যৱসায়িক স্বত্ব ইংলেণ্ডে লাভ কৰিছিল । প্রকৃততে ইৰাণৰ শাসনতন্ত্র শক্তিহীন হৈ পৰিছিল । 


১৯৭৯ চনৰ বিখ্যাত ধর্মীয় বিপ্লৱৰ ফলস্বৰূপে পহিলা এপ্রিলৰ পৰা ইৰাণে ইছলামিক গণতন্ত্র হিচাপে স্বীকৃতি লাভ কৰে । বিপ্লৱৰ নেতা ইমাম আয়াতুল্লাৰ খােমেনি এই গণতন্ত্ৰৰ প্রতিষ্ঠাপক । ধর্মীয় বিপ্লৱে দেশখনৰ আভ্যন্তৰীণ ব্যৱস্থাত আমূল পৰিৱৰ্তন আনি দিলে । শ্বাহৰ শাসন কালত যিখন দেশৰ আদৱ – কায়দা পশ্চিমীয়া দেশৰ দৰে হৈ পৰিছিল । হঠাতে সেইখন দেশৰ সম্বন্ধ বহুতৰে স’তে ছেদ হ’ল ।


আমেৰিকা তেওঁলােকৰ শত্ৰুৰ দৰে হৈ পৰিল । আৰৱৰ দেশবােৰৰ সৈতে বৈদেশিক নীতিগত পার্থক্যৰ বাবে ইৰাণৰ ব্যৱসায় বাণিজ্য হ্রাস পালে । তেনে সময়তে ইৰাকৰ সৈতে হােৱা দীঘলীয়া যুদ্ধত দুয়ােখন দেশৰে প্ৰচুৰ ক্ষতি হ’ল । এই সময়ত এবছৰ জুৰি আমেৰিকাৰ নৌসেনাৰ সৈতে যুদ্ধ হ’ল । এনেবােৰ কাৰণত দেশখন বহুত পিছুৱাই গ’ল । প্ৰচুৰ তৈলভাণ্ডাৰ থকা সত্ত্বেও দেশখনে সম্পদসমূহ সঠিকভাৱে আহৰণ কৰি নিজৰ বিকাশত ব্যৱহাৰ কৰিব নােৱাৰিলে ।


 প্রশ্ন ৫। ইৰাণৰ ভূতত্ত্ব বিষয়ে লিখা । 


উত্তৰঃ  ইৰানৰ ভূতত্ত্বৰ বিভিন্ন যুগৰ বিভিন্ন শিলাত তেল আৰু গেছ পােৱা যায় । পাৰস্য উপসাগৰ আৰু উত্তৰ -পশ্চিম আহৱাজৰ ওচৰে – পাজৰে বহুতাে তৈলক্ষেত্র আছে  আৰু আনহাতে ইৰাণত কেইবাখনাে গেছ উৎপাদনকাৰী তৈলক্ষেত্র আছে । পাৰস্য উপসাগৰীয় এলেকাত মধ্যজীৱী মহাকল্পৰ শিলাস্তৰত বৃহৎ পৰিমাণৰ তৈল সম্পদ মজুত আছে । 


প্রশ্ন ৬। জাগ্ৰছ পর্বতমালাৰ বিষয়ে তােমাৰ পাঠ্যপুথিৰ সহায়ত লিখা । 


উত্তৰঃ  ডুবাইৰ পৰা বুশ্বেৰ অভিমুখে আকাশীপথেৰে যাওঁতে যাত্রীসকলক জাগ্ৰছ পর্বতমালাই সততে আকর্ষণ কৰে । এই পাঠৰ ৰচক গােস্বামীকো বিশেষভাৱে পর্বতমালাই আকর্ষণ কৰিছিল । জাগ্ৰছ আৰু হিমালয়ৰ জন্ম কাহিনী একে । এই জাগ্ৰছৰ দক্ষিণ – পশ্চিম দিশত সঞ্চিত হৈ আছে বিৰাট তেল আৰু গেছৰ ভাণ্ডাৰ । ভূতত্ত্বৰ আশীর্বাদপুষ্ট পাৰস্য । উপসাগৰীয় অঞ্চলত ডেৰশতকৈয়াে অধিক তৈলক্ষেত্র আছে আৰু এই অঞ্চলৰ ওপৰতে বিশ্বৰ বহুতাে দেশ নির্ভৰশীল । 


প্রশ্ন ৭। ইৰাণৰ কেইখনমান ঠাইৰ নাম লিখা ।


 উত্তৰঃ তেলৰ অন্বেষণত ইৰাণলৈ অহাৰে পৰা কিছুমান শব্দ , কিছুমান ঠাইৰ নাম লেখকৰ চিনাকি হৈ পৰিছিল । কোনােবা মানুহক লগ পালেই তেওঁ জানিবলৈ বিচাৰে যে মানুহজন কোনলানি পাহাৰৰ ওচৰত থাকে জাগ্ৰাছৰ এই পাৰে নে সিপাৰে ।


আনহাতে ছিৰাজ , আহৱাজ , ইছফাহান , নাটাঞ্জ, মাছাদয়াজ , টাবৰিজ , হামাদান , কাৰমান , আৰডাবিল আদি ঠাই খনৰ নামবােৰ তেওঁৰ চিনাকি হৈ পৰিছে । তাতােকৈ আদৰৰ হৈ পৰিছে কেইটামান ফার্চী শব্দ — খেলে মামনুন , মেৰচি , ছালাম , ছাব্বাখেৰ ইত্যাদি । 


প্রশ্ন ৮। টেহৰাণৰ বিমানবন্দৰ কেইটা আৰু কি কি আৰু কোন কোন স্থানত অৱস্থিত ? 


উত্তৰ : টেহৰাণৰ দুটা বিমানবন্দৰ আছে– মেহৰাবাদ এয়াৰপৰ্ট আৰু খােমেনি ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট । মেহৰাবাদ বিমানবন্দৰটো চহৰত অৱস্থিত । আনহাতে খােমেনি বিমানবন্দৰটো চহৰৰ পৰা দূৰত ।


 প্রশ্ন ৯। টেহৰাণৰ প্ৰাকৃতিক অৱস্থা কেনেকুৱা লিখা । 


উত্তৰঃ  টেহৰাণৰ মৃদু শীতল বতাহে লেখকক টেহৰাণলৈ আদৰণি জনালে । টেহৰাণ এখন পৰিকল্পিত চহৰ । লেখকে পুৱাৰ টেহৰাণৰ দৃশ্য উপভােগ কৰিলে । চহৰৰ কাষতে ওখ পাহাৰ , সুৰুযৰ চুমাত সেইবােৰ জিলিকি উঠিছে । অতদিনে ইৰান বুলিলে মৰুভূমিৰ ধাৰণাটো প্রকট হৈ উঠিছিল ৷ পাছত গম পােৱা গৈছিল যে টেহৰাণক বহুতে পেৰিছৰ লগত তুলনা কৰে ।


ওখ ওখ পর্বতেৰে পৰিবেষ্টিত হােৱা বাবে টেহৰণখন অতি সুন্দৰ । গ্রীষ্মৰ দুটা মাহৰ বাহিৰে বাকী সময়ছােৱাত ইয়াৰ জলবায়ু অতি আৰামদায়ক । শীতকালত ইয়াত বৰফ পৰে । টেহৰাণক এই সুন্দৰ জলবায়ু প্ৰদান কৰিছে এলব্রুন পর্বত ৰাশিয়ে । মহানগৰীৰ বাবে খােৱাপানী আহে পৰ্বতৰ ওপৰৰ হিমপ্রবাহৰ পৰা ।


প্রশ্ন ১০। স্লামবার্জাৰ কোম্পানিৰ কার্যালয় ক’ত ক’ত আছে ?


 উত্তৰঃ স্লমবার্জাৰ এটা বহুৰাষ্ট্রীয় কোম্পানি আৰু এই কোম্পানিৰ কার্যালয় নাজিৰাৰ পৰা নাইজেৰিয়ালৈকে , দুলিয়াজানৰ পৰা ডুবাহলৈকে , টেহৰাণৰ পৰা টেক্সাছলৈকে পৃথিবীৰ সকলাে তৈলক্ষেত্ৰৰ ওচৰে – পাজৰে আছেই।এক অর্থত তৈল উদ্যোগৰ সৈতে এই কোম্পানি অতি ঘনিষ্ঠভাৱে জড়িত । তেল উদ্যোগৰ বিকাশত এই কোম্পানিৰ গুৰুত্বপূৰ্ণ বৰঙণি আছে ।


 প্রশ্ন ১১। ইৰাণীসকলৰ নৱবর্ষ উৎসৱৰ বিৱৰণ দিয়া । 


উত্তৰঃ বসন্তৰ মনােৰম দিনৰ আৰম্ভণিতে ইৰাণীসকলে তেওঁলােকৰ নৱবর্ষ ‘ন’ৰোজ ( নতুন দিন ) উদযাপন কৰে । দুসপ্তাহ জুৰি উদযাপন কৰা এই উৎসৱ আৰম্ভ হয় বসন্তৰ প্রথম দিনত । যেতিয়া সূর্যই বিযুৱ ৰেখা অতিক্রম কৰে ( মার্চ মাহৰ ২০-২২ তাৰিখৰ ভিতৰত ) । সেই সময়ত বুশ্বেৰৰ হােটেলৰ কথা বাদেই স্কুল – কলেজৰ পৰা আৰম্ভ কৰি চৰকাৰী কার্যালয়লৈকে সকলােতে শিবিৰ স্থাপন কৰা হয় , যাতে ইৰাণীসকলে নৱবর্য উদযাপন কৰিব পাৰে ।


আমাৰ বিহুৰ দৰে এওঁলােকেও নতুন কাপােৰ লয় , পিঠা – পনা  খায় । নৱবৰ্ষৰ এই আনন্দোৎসৱত বহুতাে বিষয় সামৰি লােৱা হয়— পৰিৱেশ আৰু নিজকে চাফ – চিকুণকৈ ৰখা , শত্রুভাব দূৰ কৰি বন্ধুত্ব গঢ়া , অগ্নিশিখা প্রজ্বলন কৰা , সীমান্ত , নদী বা সাগৰ অভিমুখে যাত্রা কৰা ইত্যাদি । 


সাধাৰণতে উৎসৱৰ সময়ত যিকোনাে পাৰ্ছি গৃহত টেবুল বা কার্পেটৰ ওপৰত এখন সুন্দৰ কাপােৰ পাৰি সাতবিধ খাদ্যবস্তু সজোৱা হয় । প্রতিটো বস্তুৰে এটা প্রতীকী অর্থ আছে , বস্তুবােৰ হ’ল — ছবজে ( ঘেঁহু বা দাইল , পুনর্জন্মৰ প্রতীক ) , চামানু ( ঘেঁহুৰ কঠীয়াৰ পায়স — নতুন জীৱনৰ প্রতীক ) , ছিব ( আপেল – স্বাস্থ্য আৰু সৌন্দর্য প্রতীক ) , ছেজেভ ( বনৰীয়া শুকান জলফাই— প্রেমৰ প্রতীক ) , ছিৰ ( নহৰু – ঔষধ ) , ছমাক ( এবিধ বগৰী— সুর্যোদয়ৰ বৰণ বুজায় ) আৰু ছেৰকেহ — ভিনেগাৰ বয়স আৰু ধৈৰ্যৰ প্রতীক ) । 


এই সাতবিধ খাদ্যৰ কাষত থাকে পবিত্র কোৰাণ আৰু হাফেজৰ কবিতাপুথি । তদুপৰি নৈবেদ্যত থােৱা আন কেইবিধমান বস্তু হ’ল মুদ্রা ( ধন – সম্পত্তি ) , খৰাহি ভর্তি ৰং কৰা কণী ( উৰ্বৰতা বা প্রজনন ক্ষমতা ) , গােলাপজল ( যাদুকৰী চাফাই শক্তি ) , গাখীৰ ( শিশু পুষ্টিৰ বাবে ) , ভেটফুল আদি । এটা পাত্ৰত পানী থৈ তাত এটা সুমথিৰা ওপঙাই থােৱা হয় ।


ইয়াৰ অৰ্থ হ’ল যে পৃথিবী মহাকাশত ওপঙি আছে । আন এটা সােণালী পাত্ৰত সােণালী মাছ এৰি দিয়া হয় , ই পানী আৰু উৰ্বৰতা সূচায় । নৈবেদ্যৰ কাষত এখন আইনা থােৱা হয় আৰু এই আইনাৰ দুয়ােকাষে মমবাতি সজোৱা হয় — পৰিয়ালৰ প্ৰতিটো শিশুৰ বাবে । 


তিনিহাজাৰ বছৰীয়া এটা কিম্বদন্তি মতে সম্রাট জামছেদে নৱৰৰাজৰ কোনাে এটা পরিত্র দিনত চেনি আবিষ্কাৰ কৰিছিল । সেয়ে এই আৱিষ্কাৰৰ লগত সংগতি ৰাখি পাছিসকলে সাতবিধ । মিঠাইপ্রস্তুত কৰে ।


বছৰৰ শেষ বুধবাৰে ৰাজহুৱা স্থানত মেজি জ্বলাই আৰু জুইৰ ওপৰেদি পাৰ হৈ তেওঁলােকে চিঞৰি চিঞৰি গায়— মােৰ বেমাৰ লৈ যােৱা আৰু মােক তােমাৰ সুন্দৰ ৰঙা বৰণ দিয়া । জুইৰ পােহৰত তেওঁলােকে থাল – বাটি বজায় আৰু মানুহৰ ঘৰে ঘৰে গৈ আতিথ্য গ্ৰহণ কৰে । নৱবৰ্ষৰ আৰম্ভণিতে সকলােৱে পৱিত্ৰ কোৰাণ আৰু হাফেজৰ কবিতা পঢ়ে । এইদৰেই যথেষ্ট ধুমধামেৰে পাৰস্যৰ তীৰৰ এই জনজীৱনে নতুন বছৰক আদৰি লয় ।


প্রশ্ন ১২। বেহেষ্ট-ই – জাহৰাৰ লগত টেহৰাণবাসীৰ সম্পৰ্কৰ বিষয়ে লিখা ।


উত্তৰঃ বেহেষ্ট-ই-জাহৰা টেহৰাণৰ এখন অতি জনপ্রিয় চহৰ । টেহণক জানিব বা অনুভৱ কৰিবৰ কাৰণে হেনাে বজাৰ বা আলিবাটত ঘূৰিব নালাগে । তাতােকৈ  বেহেষ্ট-ই-জাহৰা ভ্রমণ কৰা উচিত । টেহৰাণৰ মুখ্য সমাধিস্থল এই বেহেষ্ট-ই – জাহৰাই কেইবা কিলােমিটাব জুৰি আছে । হয়তাে ই একমাত্র সমাধিস্থল যত খােৱা – বােৱাৰ দোকানৰ পৰা খেল । পথাৰলৈকে সকলাে আছে ।


এই জাহৰাতেই ন’বেল বিজয়ী শ্বিৰীণ ইবাডিৰ পৰিয়ালৰ এজনক সমাধিস্থ কৰা হৈছিল । 


প্রশ্ন ১৩। শ্বিৰীণবাডি কোন ? তেওঁৰ সংগ্ৰামৰ বিষয়ে পাঠ্যপুথিৰ সহয়ত লিখা ।


উত্তৰঃ  শ্বিৰীণ ইবাডি এগৰাকী মানৱ অধিকাৰ কৰ্মী আৰু এগৰাকী সংগ্রামী ব্যক্তি । কঠোৰপন্থীসকলৰ অমানৱীয় কার্যকলাপৰ বিৰুদ্ধে তেওঁ কঠোৰ সংগ্ৰাম কৰিছিল । তেওঁক বিচাৰপতি হােৱাৰ পৰা বঞ্চিত কৰা হৈছিল আৰু হিজাব পৰিধান কৰিবলৈ জোৰ দিয়া হৈছিল । তেনে এটা কঠিন পৰিৱেশত তেওঁ এটা অত্যুৎসাহী পদক্ষেপ লৈছিল মানব অধিকাৰ ।


তেওঁ সেইবােৰ লােকৰ বাবে যুঁজিছিল য’ত যুৱতীক ধর্ষণ কৰা হৈছিল , শাসনবিৰােধী বুলি যুৱকক শাস্তি দিয়া হৈছিল , পতিয়ে পত্নীক বেয়া ব্যৱহাৰ কৰিছিল । যেতিয়া তেওঁ বিজয়ৰ মুখ দেখিলে তেতিয়া তেওঁ মানৱ অধিকাৰৰ অগ্রণী ৰণুৱাৰূপে সমগ্র বিশ্বতে পৰিচিত হৈ পৰিল । তেনে সময়তে তেওঁক ন’বেল বঁটাৰে সন্মানিত কৰা হয় । সকলােকে চমকিত কৰি ইৰাণবাসীয়ে তেওঁক টেহৰাণৰ বিমানবন্দৰত বিপুল আদৰণি জনালে ।


প্রশ্ন ১৪। তলত দিয়া শব্দকেইটা কি ভাষাৰ লিখা । 


কেঁচি , দোৱাত , চিয়াঁহী , চিচা , কেন্দি


 উত্তৰঃ কেঁচি― অসমীয়া ভাষাত ব্যৱহাৰ হােৱা এই শব্দবােৰ ফার্চী ভাষাৰ পৰা  অহা । এই শব্দবোৰ কেইবা শতিকা আগেয়ে আহি অসমীয়া ভাষাত প্ৰৱেশ কৰে ।


 দোৱাত,চিয়াঁহী,চিচা,কেন্দ্ৰি, এই সকলোবোৰ ভাষা হ’ল- পাৰ্চী ভাষা ।


 প্রশ্ন ১৫। তলত দিয়া শব্দকেইটাৰ অৰ্থ লিখাঃ


 খেলে মামনুন , মিৰছি ছালাম


 উত্তৰঃ খেলে মামনুন – পাৰ্চী ভাষাৰ   ধন্যবাদসূচক শব্দ ।


প্রশ্ন ১৬। তলত দিয়া শব্দকেইটাৰ প্রতীকী অর্থ কি লিখা ? 


চবজে , চামানু , ছিব , ছেজেভ , ছি , ছমাক ছেকেহ 


উত্তৰঃ    


চবজে ― ঘেঁহু বা দাইল – পুনর্জন্মৰ প্রতীক । 


চামানু ― ঘেঁহুৰ কঠীয়াৰ পায়স নতুন – জীৱনৰ প্রতীক ।


ছিব    — আপেল স্বাস্থ্য আৰু সৌন্দর্যৰ প্রতীক । 


ছেনভেজ   ― বনৰীয়া শুকান জলফাই— প্রেমৰ প্রতীক । 


ছিৰ   ―  নহৰু ― ঔষধ । 


ছমাক – এবিধ বগৰী – সূর্যোদয়ৰ বৰণ বুজায় । 


ছেকেহ — ভিনেগাৰ বয়স আৰু ধৈৰ্যৰ প্রতীক  । 


প্রশ্ন ১৭৷ তলত দিয়া শব্দকেইটাত ‘ষ’ আৰু ‘ণ’ কিয় প্রয়ােগ হৈছে লিখা । 


সম্ভাষণ , অন্বেষণ , গৱেষণা , অৱতৰণ


 উত্তৰঃ


সম্ভাষণ— ষৰ পিছত থকা দন্ত্য ন মধূণ্য  ‘ণ’ হয় । 


অন্বেষণ


গৱেষণা 


অৱতৰন,  এই আটাইবোৰ শব্দত  পদৰ ভিতৰত ঋ , ৰ , ষৰ পিছত থকা দন্ত্য ন মধূণ্য ‘ ণ ’ হয় । 


প্রশ্ন ১৮৷ তলৰ শব্দকেইটাত কি প্রত্যয় যােগ হৈছে লিখা ? 


ইৰাণী , আবাসিক , বাণিজ্যিক , শেহতীয়া , সােণালী , খৰচী 


উত্তৰঃ   


ইৰাণ + ঈ = ইৰাণী = ঈ প্রত্যয় 


আবাস + ইক = আবাসিক = ইক প্রত্যয়


ইৰাণ + ঈ = ইৰাণী = ঈ প্রত্যয় 


বাণিজ্য + ইক = বাণিজ্যিক , ইক প্রত্যয় ।


সােণ + আলী = সােণালী = আলী প্রত্যয়


খৰচ + ঈ = খৰচী = ঈ প্রত্যয়


অতিৰিক্ত প্রশ্নোত্তৰ


প্রশ্ন ১। বুশ্বেৰ কি আৰু ক’ত?


উত্তৰ:- বুশ্বেৰ এটা বিমান বন্দৰ আৰু ই ইৰাণত অৱস্থিত।


প্রশ্ন ২। ইৰাণৰ নিউক্লিয় ৰিয়েক্টৰটো ক’ত আছে?


উত্তৰ:- ইৰাণৰ নিউক্লিয় ৰিয়েক্টৰটো বুশ্বেৰত আছে।


প্রশ্ন ৩। ভেংকি কোন আৰু তেওঁ ক’ত থাকে?


উত্তৰ:- ভেংকি লিখকৰ সহকাৰী আৰু তেওঁ বুশ্বেৰত থাকে।


প্রশ্ন ৪। বুশ্বেৰ চহৰৰ সম্ভ্রান্ত এলেকাটোৰ নাম কি?


উত্তৰ:- নূৰ হুছেইন ষ্ট্ৰীট্, বুশ্বেৰ চহৰৰ সম্ভ্ৰান্ত এলেকা।


প্রশ্ন ৫। বুশ্বেৰ চহৰত গাড়ীৰ চালকজন কোন ফালে বহে?


উত্তৰ:- আমেৰিকাৰ দৰে বুশ্বেৰ চহৰত গাড়ীৰ চালকজন বাওঁফালে বহে 


প্রশ্ন ৬। বুশ্বেৰত পেট্ৰ’লৰ দাম কিমান?


উত্তৰ:- বুশ্বেৰত পেট্ৰ’লৰ দাম লিটাৰত চাৰি টকা (প্ৰৱন্ধটো লিখাৰ সময়ত)।


প্রশ্ন ৭। নুন কি?


উত্তৰ:- বুশ্বেৰ চহৰত অতি প্রিয়, ডেফুটমান দীঘল, মেছিনত তৈয়াৰ কৰা এবিধ ৰুটিৰ নাম নুন (ভাৰতীয় ‘নান্‌’- অৰ দৰে)। ইয়াক ঘৰত তৈয়াৰ কৰা নহয়। মেচিনত তৈয়াৰ কৰা হয় আৰু সকলোৱে দোকানৰ পৰা কিনি খায় | 


প্রশ্ন ৮। নুন কুৰমাই কি?


উত্তৰ:- খেজুৰৰ পৰা তৈয়াৰ কৰা এবিধ পৰঠা।


প্রশ্ন ৯। আর্যগোষ্ঠীৰ লোকসকল কেতিয়া ইৰাণলৈ আহিছিল?


উত্তৰ:- প্ৰায় চাৰি হাজাৰ বছৰ আগেয়ে আৰ্যগোষ্ঠীৰ লোকসকল ইৰাণলৈ আহি বসবাস কৰিবলৈ লৈছিল।


প্রশ্ন ১০। ইৰাণবাসীক কোনে কেতিয়া একগোট কৰিছিল? 


উত্তৰ:- খৃঃ পূঃ ছয় শতিকামান আগতে বিখ্যাত ৰজা ছাইৰাছে 


উত্তৰ-ইৰাণৰ মেডেছ সকলক পৰাস্ত কৰি ইৰাণবাসীক একগোট কৰিছিল। 


প্রশ্ন ১১। কোনে ছাইৰাছৰ সাম্ৰাজ্যৰ পতন ঘটাইছিল?


উত্তৰ:- চতুর্থ শতিকাত আলেক’জেণ্ডাৰৰ আগমন তথা আক্রমণে ছাইৰাছৰ পাৰ্ছেপলিছ সাম্ৰাজ্যৰ পতন ঘটাইছিল।


প্রশ্ন ১২। ইৰাণলৈ মুছলিম ধৰ্মৰ আগমন কোনে ঘটাইছিল?


উত্তৰ:- আৰৱ সকলে ইৰাণলৈ মুছলিম ধৰ্মৰ আগমন ঘটাইছিল। 


প্রশ্ন ১৩। নাদিৰ ছাহ ক’ৰ শাসনকর্তা আছিল? তেওঁ কেতিয়া ভাৰত আক্রমণ কৰিছিল? সেই আক্ৰমণৰ ফল কি হৈছিল?


উত্তৰ:- নাদিৰ ছাহ ইৰাণৰ শাসনকৰ্তা আছিল। সম্ৰাট মহম্মদ ছাহৰ দিনত তেওঁ ভাৰত আক্ৰমণ কৰিছিল। এই আক্ৰমণ অতি নিষ্ঠুৰ আক্ৰমণ আছিল। ভাৰতৰ বহুতো নাগৰিকক হত্যা কৰি নাদিৰ ছাহ কহিনূৰ হীৰা, ময়ূৰ সিংহাসন, মুকুট, হাতী, ঘোঁৰা, উট আদিৰ উপৰিও অজস্ৰ সা-সম্পত্তি-ধন-সোণ লুট কৰি নিছিল। সেই আক্ৰমণত নাদিৰ ছাহ ইমান ধন-সম্পদ নিছিল যে পৰৱৰ্তী তিনি বছৰতে তেওঁ দেশবাসীৰ পৰা কোনো কৰ-কাটল সংগ্ৰহ কৰা নাছিল।


প্রশ্ন ১৪। ইৰাণৰ বিখ্যাত ধর্মীয় বিপ্লৱ কেতিয়া হৈছিল? এই বিপ্লৱৰ নেতা কোন আছিল? বিপ্লৱৰ ফল কি হৈছিল ?


উত্তৰ:- ১৯৭৯ চনত ইৰাণৰ বিখ্যাত ধর্মীয় বিপ্লৱ ঘটিছিল। এই বিপ্লৱৰ নেতা আছিল ইমাম আয়াতুল্লা খোমেনি। এই বিপ্লৱৰ ফলস্বৰূপে ১৯৭৯ চনৰ ১এপ্ৰিলৰ পৰা ইৰাণত ইচ্‌লামিক গণতন্ত্ৰ স্বীকৃত আৰু স্থাপিত হৈছিল। ইমাম আয়াতুল্লা খোমেনি এই গণতন্ত্ৰৰ প্ৰতিষ্ঠাপক।


প্রশ্ন ১৫। জাগ্ৰছ পর্বতশ্রেণী ক’ত? এই পর্বতশ্রেণীৰ কেনেকৈ সৃষ্টি হৈছিল?


উত্তৰ:- জাগ্ৰছ পর্বতশ্রেণী ইৰাণত অৱস্থিত। আৰৱ প্লেট আৰু ইউৰেছিয়া প্লেটৰ সংঘাত বা সংঘৰ্ষৰ ফলত সাগৰৰ কুকুৰপৰা জাগ্ৰত হৈ জাগ্ৰছ পর্বতমালৰ সৃষ্টি হৈছিল। হিমালয় পর্বতৰো সেইদৰেই সৃষ্টি হৈছিল।


প্রশ্ন ১৬। টেহৰাণক কোন ঠাইৰ লগত তুলনা কৰা হয়? তাৰ জলবায়ু কেনে?


উত্তৰ:- টেহৰাণক কোনো কোনোৱে পেৰিচৰ লগত তুলনা কৰে। গ্ৰীষ্মৰ দুটা মাহৰ বাহিৰে বছৰৰ বাকী কেইমাহ তেহৰাণৰ জলবায়ু অতি মনোৰম আৰু আৰামদায়ক।


প্রশ্ন ১৭। সন্ধি ভাঙা :


বাৰ্ত্তালাপ, যথেষ্ট, ইউৰেছিয়া, মনোৰম, অন্বেষণ, আনন্দোৎসৱ, সূর্যোদয়।


উত্তৰ:- বাৰ্ত্তালাপ = বাৰ্ত্তা + আলাপ।


যথেষ্ট = যথা + ইষ্ট।


ইউৰেছিয়া = ইউৰোপ + এছিয়া।


মনোৰম = মনঃ + ৰম । 


অন্বেষণ = অনু + এষণ।


আনন্দোৎসৱ = আনন্দ + উৎসৱ।


সূৰ্যোদয় = সূৰ্য + উদয়।