Class 10 Assamese ঋজুভাৰতী | অসমীয়া Class 10 ঋজুভাৰতী

Madan Gaikwad
By -

 [ মহাবীৰঃলাচিতঃ ]


প্রশ্ন:- অনুবাদ কৰা :

( ক ) আমিন গ্রামস্য ….. আসীত । 


উত্তৰঃ অসমীয়া :- আমিন গাঁৱৰ ওচৰৰ স্থানত ৰাতিৰ ভিতৰতে এটা গড় নির্মাণৰ ভাৰ তেওঁৰ মােমায়েকৰ ওপৰত অৰ্পণ কৰিছিল । পিছত সন্ধ্যা সময়ত যেতিয়া লাচিতে মােমায়েকৰ কাম চাবলৈ আহিছিল , তেতিয়া তেওঁ দেখিছিল যে নির্মাণ কামৰ আধাও সম্পন্ন হােৱা নাই । 


( খ ) জানীথ কিং…….ন্যাস্তৱান । 

উত্তৰঃ অসমীয়া :- তুমি জানা নে কিয় মহাবীৰ লাচিতে নিজ হাতেৰে নিজ মােমায়েকক হত্যা কৰিছিল ? আমিনগাঁৱৰ ওচৰত ৰাতিৰ ভিতৰতে এটা গড় নির্মাণৰ দায়িত্ব তেওঁৰ মােমায়েকৰ ওপৰত অৰ্পণ কৰিছিল । 


( গ ) অথ সন্ধায়াম …..আক্ৰমিষ্যতি এৱ । 


উত্তৰঃ অসমীয়া :- পিছত সন্ধ্যা সময়ত যেতিয়া লাচিতে মােমায়েকৰ কাম চাবলৈ আহিছিল , তেতিয়া তেওঁ দেখিছিল যে নির্মাণ কার্যৰ আধাও সম্পন্ন হােৱা নাই । কিন্তু ৰাতি পুৱালেই মােগল বাহিনীয়ে গুৱাহাটী আক্রমণ কৰিবই । 


( ঘ ) লাচিত মাতুলম … কৰিষ্যন্তি এৱ ” ইতি । 


উত্তৰঃ অসমীয়া :- লাচিতে মােমায়েকক পলম হােৱাৰ কাৰণ সুধিছিল।মােমায়েকে কৈছিল -হে ভাগিন ! মােৰ এই মানুহবােৰ বৰকৈ ভাগৰি পৰিছে , অলপ জিৰণি লৈ তেওঁলােকে পুনৰ নিৰ্মাণৰ কাম কৰিবই , এইবুলি । 


( ঙ ) নায়ং জন্মভুবঃ ….. পশ্যন্তু দেশসেৱকাঃ ।। 


উত্তৰঃ অসমীয়া :- যদিও এওঁ মােৰ মামা তথাপি জন্মভূমিতকৈ ডাঙৰ নহয় । সেয়েহে এওঁৰ মূৰটো কাটি পেলালোঁ । হে দেশসেৱসকল তােমালােকে চোৱা । 


( চ ) ভো  ভাগিনেয় ! ছিত্তিস্ম । 

উত্তৰঃ অসমীয়া :- “হে ভাগিন ! মােৰ এই মানুহবােৰ ( কাম কৰি ) ভাগৰি পৰিছে । অলপ সময় জিৰণি লৈ তেওঁলােকে আকৌ কাম আৰম্ভ কৰিবই । ” মােমায়েকৰ এই কথা শুনি মহাবীৰ লাচিতে খঙত তৰােৱালেৰে মােমায়েকৰ মূৰটো কাটি পেলাইছিল ।


[ সিংহ শশক কথা ]


প্রশ্ন :-  অনুবাদ কৰা :

( ক ) অস্তি মন্দৰনাম্বি সর্বপশুবধ ক্রিয়তে ? 


উত্তৰঃ অনুবাদ :- মন্দৰ নামৰ পৰ্বৰ্তত দুর্দান্ত নামৰ এটা সিংহই বাস কৰিছিল । সি সদায় জন্তুবােৰক হত্যা কৰি জীৱন ধাৰণ কৰিছিল । তাৰ পিছত গােটেইবােৰ জন্তুৱে মিলিত হৈ সেই সিংহটোক জনাইছিল যে ‘ হে দেৱ ! কি কাৰণে আপুনি জন্তুবােৰক বধ কৰে ? 


( খ ) ততঃ সর্বৈঃ পশুভিঃ পশুং ভক্ষয়ন্নাস্তে । 

উত্তৰঃ অনুবাদ :-  তাৰ পিছত গােটেইবােৰ জন্তুৱে সভা পাতি সেই সিংহটোক জনাইছিল  যে – ‘হে দেৱ ! কি কাৰণে জন্তুৰােব বধ কৰে ? আমিয়েই আপােনাৰ আহাৰৰ কাৰণে প্রতিদিনে এটাকৈ পশু পঠাম ।’ সিংহটোৱে কৈছিল— যদি তােমালােকৰ এইটোৱে অভিমত তেনেহ’লে সেয়ে হওক । তেতিয়াৰ পৰাই সিংহটোৱে এটাকৈ পশু খাই থাকিল । 


( গ ) কদাচিৎ কস্যাপি ….. বিলম্বাদাগতােইসি ? 

উত্তৰঃ অসমীয়া :- কোনাে এদিন এটা বুঢ়া শহাৰ পাল পৰিল । তেতিয়া সি চিন্তা কৰিলে । “ লাহে লাহে গৈ থাকো ।” পিছত সিংহটোৱেও ভােকত কাতৰ হৈ খঙতে তাক ক’লে – “ তই ক’ৰ পৰা পলমকৈ আহিছ ?” 


( ঘ ) শশকোহব্রবীৎ – দেৱ ! .. কাসৌ দুৰাত্মা তিষ্ঠতি ? 

উত্তৰঃ অসমীয়া :- শহাটোৱে কৈছিল –“হে দের ! মই অপৰাধী নহয় । ৰাস্তাত আন এটা সিংহই বলপূর্বক ধৰাত তাৰ আগত পুনৰ ঘূৰি যােৱাৰ শপত কাঢ়ি মহাৰাজক জনাবৰ বাবে ইয়ালৈ আহিছোঁ । সিংহটোৱে খঙেৰে ক’লে “ তৎক্ষণাত গৈ মােক দেখুৱাই দে সেই দুৰাত্মা ক’ত আছে ? 


( ঙ ) ততঃ শশকস্তং …… পঞ্চত্বং গতঃ 

উত্তৰঃ অসমীয়া :- পিছত শহটোৱে তাক ( সিংহক ) লৈ এটা দ ( গভীৰ ) কুঁৱাৰ ওচৰলৈ গ’ল । ইয়ালৈ আহি চাওক মহাৰাজ , এই বুলি কৈ সেই কুঁৰ পানীত তাৰেই ছাঁটো দেখুৱালে । পিছত সেই মদোন্মত্ত সিংহটোৱে সেই কুঁাৰ ভিতৰত নিজকে নিজে জঁপিয়াই পৰি মৃত্যু মুখত পৰিল ।


[ সতী জয়মতী ]


প্রশ্ন :- অনুবাদ কৰা :

( ক ) তদা নৰপতিঃ আসীৎ …….বিদদাতি স্ম ।


উত্তৰঃ অসমীয়া :- সেই সময়ত ৰজা আছিল চঞ্চলমতি এজন দুষ্ট প্রকৃতিৰ লােক । তেওঁ তেওঁৰ সিংহাসন নিষ্কণ্টক কৰিবলৈ আহােম বংশীয় সকলাে কুমাৰৰেই কিছুমানক মাৰি, পেলাইছিল আন কিছুমানৰ নাক কাণ , কাটি পেলাইছিল । 


( খ ) অথ ৰাজা ……… তে দুর্গতিঃ ধ্ৰুবা ইতি । 


উত্তৰঃ অসমীয়া :- পিছত ৰজাই গদাপাণিক নাপাই জয়মতীকেই ৰাজসভালৈ আনি খঙেৰে সুধিলে – হেৰ অবাধ্যা ; তােৰ স্বামী ক’ত পলাই গৈছে ক নহ’লে তােৰ নিশ্চয় দুর্গতি হ’ব এইবুলি । 


( গ ) জেৰেঙ্গাক্ষেত্রে সর্বাঃ প্রজাঃ … আত্মত্রাণমন কৰােষি ইতি । 


উত্তৰঃ অসমীয়া :- জেৰেঙা পথাৰত সকলাে প্ৰজাই বেত্রাঘাতত কাতৰ হােৱা পতিব্রতা জয়মতীক দেখিছিল । নগাবেশধাৰী দুঃখিত গদাপাণিয়েও তেওঁৰ ( জয়মতী ) ওচৰলৈ আহি কৈছিল । — হে সতী ! স্বামীৰ কথা কৈ নিজক ৰক্ষা নকৰ কিয়— এইবুলি । 


( ঘ ) শৰীৰস্য গুণানাঞ্চ……কল্পান্তস্থায়িনােগুণঃ 


উত্তৰঃ অসমীয়া :- শৰীৰ আৰু গুণাৱলীৰ মাজত প্রভেদ অধিক । শৰীৰ অণস্থায়ী , কিন্তু গুণাৱলী চিৰস্থায়ী । 


( ঙ ) গদাপাণিঃ পতিব্রতায়া ভার্যায়াঃ …. সনিৱেদং প্রাণান্ অৰক্ষত্ ।  

উত্তৰঃ অসমীয়া :- গদাপাণিয়ে পতিব্রতা ভার্যা জয়মতীৰ অনুৰােধত নগাপাহাৰত আৰােহণ কৰিছিল । তাত তেওঁ আত্মগােপন কৰি অতি দুখেৰে প্ৰাণ ৰক্ষা কৰিছিল ।


[ আলেকজেণ্ডাৰস্য ভাৰতাক্রমণম্ ]


প্রশ্ন :- অনুবাদ কৰা :

( ক ) একদা মহাবীৰঃ …….বশ্যতাম্ অগচ্ছন ।। 


উত্তৰঃ অসমীয়া :- এসময়ত মহাবীৰ আলেকজেণ্ডাৰে ভাৰতবর্ষ আক্রমণ কৰিছিল । সেই সময়ত পঞ্চনদ , প্রদেশখন সৰু সৰু ৰাজ্যত বিভক্ত আছিল । বহুতাে ৰজাই ভয়তে আলেকজেণ্ডাৰৰ বশ্যতা স্বীকাৰ কৰিছিল । 


( খ ) অথ বন্দীভূত পুৰুম .. ..ব্যৱহাৰঃ কাৰ্য্যঃ । 


উত্তৰঃ অসমীয়া :- পিছত বন্দী হােৱা ৰজা পুৰুক সন্মুখলৈ আনি আলেকজেণ্ডাৰে সুধিছিল –”তােমাৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে । ” এইবুলি পুৰুৱে গর্বেৰে কৈছিল –”হে মহাবীৰ ! ৰজাৰ প্ৰতি ৰাজোচিত ব্যৱহাৰ কৰিব লাগে । ” এইবুলি । 


( গ ) পৰন্তু পুৰু নামা … বন্দীকৃত অভৱত্ । 


উত্তৰঃ অসমীয়া :- কিন্তু পুৰু নামৰ কোনাে এজন ৰজাই আলেকজেণ্ডাৰৰ পথ অৱৰােধ কৰিছিল । পুৰু যুদ্ধত পৰাজিত হােৱাত আলেকজেণ্ডাৰদ্বাৰা বন্দী কৰা হৈছিল । 


( ঘ ) পুৰঃ সগর্বম ,প্রাযস্থত । 


উত্তৰঃ অসমীয়া :- পুৰুয়ে গর্বেৰে উত্তৰ দিলে , “হে মহাবীৰ , ৰজাৰ প্রতি ৰাজোচিত ব্যৱহাৰ কৰা উচিত । ” আলেকজেণ্ডাৰে তেওঁৰ এনে বীৰত্ব দেখি আশ্চর্যান্বিত হ’ল আৰু আনন্দেৰে তেওঁক ৰাজ্য ঘূৰাই দিলে । 


( ঙ ) গুণী গুণং ………ন মূষকঃ । 

উত্তৰঃ অসমীয়া :- গুণীয়েহে গুণৰ মর্যাদা বুজে । গুণহীন লােকে তাক বুজি নাপায়। বলবান লােকেহে বলৰ মর্যাদা বুজি পায় , নির্বলীয়ে নুবুজে । কুলিয়েহে বসন্ত ঋতুৰ প্ৰভাৱৰ বিষয়ে জানে , কাউৰীয়ে তাক নাজানে । হাতীয়েহে সিংহৰ পৰাক্ৰমৰ বিষয়ে জানে , নিগনিয়ে তাক নাজানে ।


[ শিৱেৰুপাখ্যানম্ ]


প্রশ্ন :- অনুবাদ কৰা : 

( ক ) অস্তি ৰাজা শিৱিঃ নাম , ..ত্রিদিবম আৰােহতি স্ম । 


উত্তৰঃ অসমীয়া :- সকলাে প্রার্থীৰে মনােবাঞ্ছা পূর্ণ কৰা অতি দয়ালু , শিৱি নামৰ এজন ৰজা আছিল । তেওঁৰ অসাধাৰণ দানশীলতাৰ কথা স্বৰ্গতো  বিয়পি পৰিছিল । ( আৰােহণ কৰিছিল ) 


( খ ) অথ কদাচিৎ ইন্দ্রঃ…..ধর্মঃ চ শ্যেনঃ । 


উত্তৰঃ অসমীয়া :- পিছত কোনাে এদিন ইন্দ্ৰই চিন্তা কৰিছিল— শিৱিৰ সমান দানশীল নাই । ( দানী নাই ) । গতিকে এওঁৰ অভিপ্রায় কি , এওঁৰ মহত্বই বা কিমান ইয়াক জানিবৰ কাৰণে ধর্মক মাতি আনি নিজে এটা কপৌ চৰাই আৰু ধর্ম শেন চৰাই হৈছিল । 


( গ ) ততঃ শ্যেনঃ কপােতস্য ……. পৰিত্ৰায় মাং শ্যেনাৎ । 


উত্তৰঃ অসমীয়া :- পিছত শেন চৰাইটোৱে কপৌটোৰ পিছে পিছে দ্রুতগতিৰে তাক আক্রমণ কৰিবলৈ প্রবৃত্ত হ’ল । তেতিয়া সেই কপৌটোৱে কপি কঁপি ভয়তে চকু চলচলীয়া কৰি ৰজাৰ ভৰিৰ ওচৰত হঠাতেই পৰিল আৰু ভয়তে গদ গদ স্বৰেৰে ক’লে – “হে ৰাজন ! মই তােমাৰ শৰণাগত , মােক শেনৰ পৰা ৰক্ষা কৰা ।” 


( ঘ ) ৰাজা জাতকাৰুণ্যঃ . তৃপ্তিম অবাপ্নোতি ইতি । 


উত্তৰঃ অসমীয়া :- কৰুণা ওপােজা ৰজাই এইটো কেনেকৈ হ’ল এই বুলি শংকিত হৈ ( কিংকর্তব্যবিমূঢ় ) শেনক ক’লে— “শৰণাগতক পৰিত্যাগ কৰাটো সাধুসকলৰ ধর্ম নহয় , গতিকে মই তােমাক আন মাংসকেই দিয়াম যাতে তুমি তৃপ্তি পােৱা এইবুলি ।



প্রশ্ন :- অনুবাদ কৰা : 


( ক ) যথাহয়েকেন ……….সিদ্ধতি ।। 


উত্তৰঃ অসমীয়া :- যেনেকৈ এটা চকাৰ দ্বাৰা ৰথৰ গতি নহয় , তেনেকৈ উদ্যম ( পুৰুষকাৰ ) অবিহনে মানুহৰ ভাগ্য গঠিত নহয় । 


( খ ) উদয়তি যদি ভানুঃ ….. ভাষণং সজ্জনানাম্‌ ।। 


উত্তৰঃ অসমীয়া :- পশ্চিমদিশতাে যদি সূর্য উদয় হয় , মেৰু পর্বতেও যদি গতিশক্তি লাভ কৰে , জুই শীতত্বপ্রাপ্ত হয় , পর্বতৰ ওপৰৰ , শিলতাে যদি পদুমফুল ফুলে তথাপি সজ্জন সকলৰ কথাৰ পৰিৱৰ্তন নহয় । 


( গ ) উদ্যোগিনং ……. কাপুৰুষা বদন্তি । 


উত্তৰঃ অসমীয়া :- উদ্যোগী পুৰুষ সিংহকহে ( পুৰুষশ্রেষ্ঠক ) লক্ষ্মীয়ে লগ দিয়ে । ভাগ্যৰ দ্বাৰাহে পােৱা হৈছে ( দৈৱৰ দ্বাৰাহে দিয়া হৈছে ) এইবুলি কাপুৰুষসকলে কয় । ( দেয়ম –√ দা + যৎ ) ( উপৈতি – উপ √ইনট তি ) 


( ঘ ) যত্র বিদ্বজ্জনো.. ….. এণ্ডোহপি দ্রুমায়তে । 


উত্তৰঃ অসমীয়া :- যি ঠাইত বিদ্বান মানুহ নাই তাত অলপ জ্ঞানীজনেই প্রশংসিত হয় । যি দেশত গছ নাই তাত এৰা গছেই বৰগছ নাম পায় । 


( ঙ ) বাণিজ্যে বসতে…………নৈব নৈব চ । 


উত্তৰঃ অসমীয়া :-  বাণিজ্যত লক্ষ্মীদেৱীৰ বাস । কৃষিকার্যত তাৰে অর্ধেক ধন লাভ হয় , চাকৰিৰ দ্বাৰা তাৰে আধা ধন লাভ হয় ; কিন্তু খােজনীয়াত কোনাে ধন লাভ নহয় । 


( চ ) দুর্জনঃ পৰিহর্তব্যং……  ন ভয়ঙ্কৰঃ । 


উত্তৰঃ অসমীয়া :- বিদ্যাৰে  ভূষিত হলেও দুর্জন ব্যক্তিক পৰিত্যাগ কৰিব লাগে । মণিৰে ভুষিত হলেও সর্প কি ভয়ংকৰ নহয় ? 


( ছ ) ন কশ্চিদপি জানাতি ….. কুৰ্য্যাদ্যৈব বুদ্ধিমান । 


উত্তৰঃ অসমীয়া :- কাইলৈ কাৰ কি হ’ব তাক কোনেও নাজানে । সেয়েহে বুধিয়ক মানুহে কাইলৈৰ কাম আজিয়েই কৰে । 


( জ ) ন হি প্রতিজ্ঞাং …….পতিপালনম । 


উত্তৰঃ অসমীয়া :- সত্যবাদী মানুহবােৰে নিজৰ প্ৰতিজ্ঞা মিছা প্রতিপন্ন নকৰে । প্রতিজ্ঞা পালনেই মহত্ত্বৰ লক্ষণ । 


( ঝ ) ষড়দোষাঃ ………দীর্ঘসূত্রতা ৷৷ 


উত্তৰঃ অসমীয়া :- উন্নতিকামী মানুহে নিদ্রা , তন্দ্রা , ভয় , ক্রোধ , এলাহ আৰু দীর্ঘসূত্রতা এই ছটা দোষ ত্যাগ কৰিব লাগে । 


প্রশ্ন :- লক্ষ্মী ক’ত কেনেদৰে বাস কৰে ?

উত্তৰঃ লক্ষ্মী বাণিজ্যত বাস কৰে । কৃষিকার্যত তাৰ অর্ধেক , চাকৰিত তাৰো আধা লক্ষ্মীৰ বসতি হয় । ভিক্ষা বৃত্তিত লক্ষ্মী নাথাকে । 


ব্যুৎপত্তিঃ গতিঃ — √গম্ + ক্তিন + স্ত্রীলিঙ্গ + সু।ভবেত — ভূ + লঙদ । জনোতি– √জ্ঞা + লট তি । সিদ্ধতি— √সিধ + লট তি । ভবিষ্যতি √ভূ + লৃট স্যতি । কুর্যাৎ √কৃ + বিধিলিঙ যাত্ । বুদ্ধিমান্— বুদ্ধি + মতুপ + পুংলিঙ্গ + সু । যাতি— √যা + লট তি । উদয়তি উৎ- √ই + লট তি । প্রচলতি — প্র- √চল + লট তি । ভবতি – √ভূ + লট তি । বিকশতি — বি – কশ + লট তি । ভাষণম্ – √ভাষ্য + অনট্ + অম্ । উপতি— উপ- ই + লট তি । দেয়ম— √দা + যৎ + ক্লীবলিঙ্গ + সু । কুৰ্বন্তি— √কৃ + লট অন্তি । ইচ্ছতা— ইষ + শতৃ + আপ্ + সু । সন্— √অস্ + শতৃ + পুংলিঙ্গ + সু । হাতব্যা— √হা + তব্য + আপ + সু । পৰিহর্তব্যঃ — পৰি – √হৃ + তব্য + পুংলিঙ্গ + সু । ভূষিতঃ— √ভূষ + ক্ত + পুংলিঙ্গ + সু । দ্রুময়তে দ্রুম + ক্যঙ + লট তে ।


[ হিতােপদেশঃ ]


প্রশ্ন :- অনুবাদ কৰা :

( ক ) অজৰামৰবত………. ধর্মমাচৰেত ।। 


উত্তৰঃ অসমীয়া :- জ্ঞানী মানুহে – অজৰ আৰু অমৰ জ্ঞান লাভ কৰি বিদ্যা আৰু অৰ্থ অর্জন কৰে । মৃত্যুয়ে ( যমে ) চুলিত ধৰি টানে বুলি ধৰি লৈ ধর্মাচৰণ কৰে । 


( খ ) যৌবনং ……….চতুষ্টয়ম্ ।। 


উত্তৰঃ অসমীয়া :- যৌবন , ধন , সম্পত্তি , কর্তৃত্ব , বিবেকহীনতা— ইয়াৰ যিকোনাে এটায়েই অনর্থ ঘটাব পাৰে । য’ত চাৰিওটা একলগে থাকে তাত অঘটন নঘটিবনে ? 


( গ ) বৰমেকো গুণী …………. তাৰাগণৈৰপি ।। 


উত্তৰঃ অসমীয়া :- এশ মূর্খ পুত্ৰত কৈয়াে এজন গুণী পুত্র শ্রেয় । চন্দ্ৰই অকলেই আন্ধাৰ দূৰ কৰে , অসংখ্য তৰায়াে তেনে কৰিব নােৱাৰে ।


( ঘ ) অর্থাগমাে ……….. সুখানি ৰাজন ৷


উত্তৰঃ অসমীয়া :- হে ৰজা ! ধনাগম , সদায় নীৰােগ অবস্থা , প্রিয়তমা পত্নী , পত্নী প্রিয়বাদিনী হােৱা , বশংবদ পুত্র আৰু অৰ্থকৰী বিদ্যা — এই ছয়টাই সুখৰ বিষয় । 


( ঙ ) অল্পানামপি ……. মত্তদন্তিনঃ ।। 


উত্তৰঃ অসমীয়া :- সৰু সৰু বস্তুকে একত্রিত কৰিলে কার্য সাধন কৰে । ঘাঁহবোেৰ লগ লগাই গঠা ৰছীৰ দ্বাৰা মদমত্ত হাতীকো বান্ধিব পৰা যায় ।